কলগাছিয়া, সংবাদ ৩৬৫, ৭ নৱেম্বৰ: নিৰ্বাচনৰ পূৰ্বে সকলো দলে দিয়া প্ৰতিশ্ৰুতিৰ দৰে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি দলেও ২০১৬ অসম বিধান সভা নিৰ্বাচনত অলেখ প্ৰতিশ্ৰুতি দিছিল। ২০১৬ অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে যেন অসমৰ ৰাইজে বোকাতহে পৰি আছিল, তেনে এক পৰিবেশৰ সৃষ্টি কৰিছিল বিজেপি দলে ৰাইজক অলেখ প্ৰতিশ্ৰুতি দি। সংবাদ মাধ্যম, ছচিয়েল মিডিয়া সকলোতে পৰিৱৰ্তনৰ শ্লোগান গাই ৰাইজক আবেগিক কৰি তুলিছিল। নিৰ্বাচনৰ পূৰ্বে নেতা সকলে হাজাৰটা পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ ওচৰত ভোট মাগিবলৈ আহে। আৰু নিৰ্বাচনত বিজয়ী হোৱাৰ পাছত সকলো পাহৰি যায় তেওঁলোকে দিয়া হাজাৰটা পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰ কথা। বুধবাৰে তাৰবাবেই কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত  মোৱামাৰী, কাউৰঝাহি আৰু কাচুকাটি অঞ্চলৰ ৰাইজে ঠিকাদৰৰ দুৰ্নীতি বন্ধ কৰি পুনৰ আঁচনিমতে কাম কৰাৰ দাবীত বেঁকী নৈৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰে। বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত মোৱামাৰী-কাচুকাটিত বাঁহেৰে বেঁকী নৈৰ গৰাখহনিয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতি চলায় আহিছে দুৰ্নীতি পৰায়ণ ঠিকাদাৰ। এম জি এন আৰ ই জি এৰ আঁচনিৰ অধীনত আবন্তিত ১০ লাখ টকাৰ বিপৰীতে নামমাত্ৰ কাম কৰি সিংহভাগ টকা লুণ্ঠন কৰাৰ অভিযোগ উঠিছে ঠিকাদাৰ জনৰ বিৰুদ্ধে। প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ, স্থানীয় বিধায়ক, ঠিকাদাৰ আৰু ৰূপসী উন্নয়ন খণ্ডৰ বিষয়া মঞ্জুশ্ৰী ঘোষৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ঠিকাদৰৰ দুৰ্নীতি বন্ধ কৰি আঁচনিমতে যদি পুনৰ কাম নকৰে তেন্তে পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত তুলি ল’ব বুলি ভাবুকি দিয়ে স্থানীয় ৰাইজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।