কলগাছিয়া, সংবাদ ৩৬৫, ৪ এপ্ৰিল : নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই যেন বৰপেটাত লোক সভা সমষ্টিত নিৰ্বাচনী বতাহ উত্তপ্ত হবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছ, এ আই ইউ ডি এফৰ পিছত বৃহস্পতিবাৰে কলগাছিয়াত বৰপেটাৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়।
উক্ত সভাত উপস্থিত থাকে মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ লগতে বৰপেটা অগপৰ সভাপতি তথা বৰপেটা সমষ্টিৰ বিধায়ক গুনীন দাস। মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দিপক দাসে ভাষণ প্ৰসংগত কয় যে, বিভিন্ন সময়ত সংখ্যালঘূ এলেকাৰ পৰা বিধায়ক-সাংসদ হৈছে কিন্তু একো পোৱা নাই । গতিকে এইবোৰৰ পৰা সংখ্যালঘু মানুহখিনিক উদ্ধাৰ কৰিব লাগিব।
আনহাতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচনী প্ৰচাৰত কিয় অংশগ্ৰহণ কৰা নাই বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে, মিত্ৰতাক লৈ অসম গণ পৰিষদৰ যি সিদ্ধান্ত তাকলৈ সকলো নেতা একমত আছে। প্ৰফুল্ল কুমাৰ মহন্তৰ স্থিতি সম্পৰ্কে ইতিমধ্যে আমাৰ নেতা সকলৰ মাজত আলোচনা চলি আছে। গতিকে এই সম্পৰ্কে মই মন্তব্য দিব নোৱাৰো।
ইফালে, এইবাৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ মূল প্ৰতিদ্বন্দী নাই বুলি সাংবাদিকৰ আগত অৱগত কৰে।