বৰপেটা, সংবাদ ৩৬৫, ১১ মে’ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মুৱামাৰী গাঁৱৰ ৭০ বছৰীয়া লম্পট বৃদ্ধ এজনৰ কামনাৰ বলি হ’ল ৫ বছৰীয়া কন্যা শিশু। এই বৃদ্ধ লম্পট জন মুৱামাৰী গাঁৱৰ ওৱাজেদ আলী। যোৱা বৃহস্পতিবাৰ দিনৰ ৩ বজাত এই ঘটনা সংঘটিত হয়।

কন্যা শিশু গৰাকী ঘৰৰ সন্মুখত খেলি থকা অৱস্থাত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এই অপকৰ্ম কৰে লম্পট বৃদ্ধ জনে। পিছত কন্দা-কটা কৰাত ঘটনা কাৰো আগত অৱগত নকৰিবলৈ আৰু কন্দা-কটা নকৰিবলৈ কন্যা শিশু গৰাকীক টকাৰ প্ৰলোভন দিয়ে বুলি জানিব পৰা গৈছে। পিছত শিশু গৰাকী কান্দা দেখা পাই মাতৃয়ে শোধ-পোচ কৰাত আচল ঘটনা পোহৰলৈ আহে।

এই ঘটনা লৈ কালি নিশা সামাজিক মেল বহি দোষী সাব্যস্ত হোৱা বুলি স্বীকাৰোক্তি প্ৰদান কৰে বৃদ্ধ ওৱাজেদ আলীয়ে। কিন্তু সামাজিক মেলৰ বিচাৰত সন্তুষ্ট নোহোৱাত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমছুৰ সহযোগত কলগাছিয়া আৰক্ষী থানাত শিশু গৰাকীৰ মাতৃয়ে এক গোচৰ ৰুজু কৰে। আৰক্ষীয়ে যদি ১২ ঘণ্টাৰ ভিতৰত লম্পট ওৱাজেদ আলীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে আন্দোলনৰ কাৰ্য্যসূচী হাতত ল’ব বুলি ছাত্ৰ সংগঠন দুটাই হুংকাৰ প্ৰদান কৰিছে।