কলগাছিয়া, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ: পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ পাছত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হৈ চৰকাৰৰ ঠিকেই পৰিৱৰ্তন হল কিন্তু ৰাজ্যৰ বাট পথৰহে কোনো পৰিৱৰ্তন ন’হল। আজিও ৰাইজে পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগি থাকিব লগীয়া হৈছে। গৰকাপ্তানী দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি থকাৰ সময়তে ৰাজ্যৰ পথৰ অৱস্থা তেনেই শোচনীয় হৈ পথৰ মাজত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ পৰাত কলগাছিয়াৰ ৰাজপথত পুখুৰী সদৃশ গাতত নামি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কলগাছিয়াৰ পৰা দাবনদীয়া হৈ ময়নবড়ীলৈ যোৱা গৰকাপ্তানী পথ মেৰামতিৰ দাবীত বৃহস্পতিবাৰে কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পথ অৱৰোধ কৰাৰ উপৰিও ৰাজপথৰ পুখুৰী সদৃশ গাতত নামি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, বৰপেটা জিলাৰ সৰভোগ গ্রাম্য পথ উপ-সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ পৰা গুনীয়লগুৰি হৈ ময়নবড়ীলৈ যোৱা গড়কাপ্তানি পথটো বিগত কেইবাবছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়ক আব্দুল খালেকে মেৰামতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দিনৰ ১১ বজাৰ পৰা পথ অৱৰোধ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। এই পথ অৱৰোধ কৰাৰ সময়ত প্ৰতিবাদকাৰীয়ে বিধায়ক আব্দুল খালেক, গড়কাপ্তানি বিভাগ, আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দিয়ে। বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়ক আব্দুল খালেকে যদি অতিশীগ্ৰে এই পথটো মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জংগী আন্দোলনৰ ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে।