কলগাছিয়া, সংবাদ ৩৬৫, ৩ ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰী গাঁৱৰ একাংশ ৰাইজে দীৰ্ঘদিন ধৰি ভাঙৰ খেতি কৰি আহিছে। অঞ্চলটোৰ কিছুমান সচেতন ৰাইজে ভাং খেতিৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত অভিযোগ কৰাৰ পিছত সোমবাৰে কলগাছিয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়া সঞ্জীৱ ৰায়ৰ নেতৃত্বত বৃহৎ আৰক্ষীবাহনীয়ে নিষিদ্ধ ভাংখেতিৰ বিৰুদ্ধে অভিযান চলায়। সোমবাৰে অসম আৰক্ষীৰ জোৱানসকলে উদমাৰী গাঁৱৰ আকবৰ আলী, ছাহজাহান আলী, ছুৰুত জামান আৰু কোবাদ আলীৰ ঘৰৰ চোতালত কৰা ভাং গছ কাটি তহিলং কৰি জুইত জ্বলাই দিয়ে। স্হানীয় ৰাইজে আৰক্ষীৰ এই অভিযানত সন্তষ্টি প্ৰকাশ কৰে।