কলগাছিয়াৰ পৰা স্বফিকুল হাছান,  ১৯ ডিচেম্বৰঃ এইবাৰ বাৰিষা আহিলেই নৈৰ বুকুত বিলীন হব বৰপেটা জিলাৰ এখন দলঙৰ এপ্ৰোচ আৰু পথ কাৰণ ঠিকাদাৰে অধিক মুনাফাৰ লোভত আঁচনি মতে কৰা নাই দলঙখনৰ এপ্ৰোচ আৰু পথৰ কাম। বঙাইগাঁও জিলাৰ পৰা বৰপেটা হৈ গুৱাহাটীলৈ যোৱা এই বিকল্প পথটোত বেঁকী নৈৰ মাজত আছে এই দলঙখন। অপ্ৰোচ নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতি আৰু পালমৰা কাম কৰাত ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। দলংখনৰ কাম সম্পূৰ্ণ হোৱাৰ কিছুদিন পিছতেই গৰাখহনীয়াৰ ফলত দলঙখনৰ পশ্চিম ফালৰ প্ৰায় ৮ শ মিটাৰ নদীৰ মাজত পৰিছিল। কিন্তু ঠিকা লাভ কৰা গৌতম কনষ্ট্ৰাকচন নামৰ ৰোড নিৰ্মাণ কোম্পানীয়ে অপ্ৰোচ নিৰ্মাণৰ ঠিকা লাভ কৰি বালিৰেই অপ্ৰোচ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছিল। ঠিকা কোম্পানীটোয়ে দলঙৰ তলত থকা চৰৰ পৰা বালি আনি নিজৰ খেয়াল খুচি মতে অপ্ৰোচ আৰু পথ বনাই আছে যদিও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। আচনি মতে, ৩ মিটাৰ পিছত ১ মিটাৰ আঠা মাটি, তাৰ পিছত ২ মিটাৰ বালিৰ পিছত পুনৰ এক মিটাৰ আঠা মাটি দিব লাগে যদিও ঠিকা কোম্পানীটোৱে কেৱল বালিৰে নিৰ্মান কৰি আছে এপ্ৰোচ। স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে, বেঁকী নৈৰ মাজত থকা এপ্ৰোচ আৰু পথ বালিৰে নিৰ্মাণ কৰি আছে ফলত বাৰিষা আহিলে এই এপ্ৰোচ আৰু পথ নাথাকিব। কাৰণ বাৰিষাৰ সময়ত নদীত ব্যাপক সোত পৰে যাৰ ফলত এনেদৰে বালিৰ নিৰ্মাণ কৰা এই পথ কিমান সময়লৈ চলাচলৰ উপযোগী হৈ থাকিব ইয়াক লৈ ৰাইজ চিন্তিত হৈ পৰিছে।
আনহাতে ঠিকা কোম্পানীৰ অভিযন্তাই কয় যে, ৩ মিটাৰ পিছত ১ মিটাৰ আঠা মাটি, তাৰ পিছত ২ মিটাৰ বালিৰ পিছত পুনৰ ১ মিটাৰ বালি দিব লাগে। কিন্তু ইয়াত বালি আছে বাবেই বালিৰে বনাই আছো।