কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৬ এপ্ৰিলঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত চৰিয়তপুৰ গাঁৱত মঙলবাৰে ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰপিট হোৱাত ৭ জনকৈ লোক আহত হোৱাৰ লগতে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে এজনৰ মৃত্যু হোৱাত অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, চৰিয়তপুৰ হাই স্কুলৰ শিক্ষক আবু জাফৰ খানৰ লগত ছিদ্দিক খানৰ দীর্ঘ দিনৰে পৰা এডোখৰ ভূমিকলৈ বিবাদ চলি আছিল।মঙলবাৰে বিবাদীত ভূমিক কেন্দ্ৰ কৰি প্ৰথমে দুই ফৈদৰ মাজত বাক যুদ্ধ আৰু তাৰ পিছতে আবু জাফৰ খানৰ ফৈদে দা, কাচিৰে অতৰ্কিতে আক্ৰমণ কৰে ছিদ্দিক খানৰ ফৈদক। আক্ৰমণত ছিদ্দিক খানৰ কান আৰু ডিঙি কটাৰ লগতে মোচলেম খান, হাৰুনাল ৰশ্বিদ, মিৰাজুল, ইমৰান, চৰিফান নেছা আৰু মৰ্জিনা খাতুন কম বেছি পৰিমানে আহত হোৱাত আটাইকেইজনক ততাতিয়াকৈ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও ছিদ্দিক খানৰ অৱস্থা সংকতজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে ছিদ্দিক খানে শেষ নিশ্বাস ত্যাগ কৰে। এই ঘটনাৰ সংক্ৰান্তত কলগাছিয়া আৰক্ষী চকীত শিক্ষক আবু জাফৰ খান, মামুন খান, ৰেজাউল কৰিম, দুলাল, চেলিম, ছামছুন নেহাৰ, নজৰুল ইছলাম খান, ৰিংকু আৰু শিক্ষক ছোহাইব খানৰ বিৰুদ্ধে গোচৰ দিয়া হৈছে যদিও বৰ্তমানলৈকে এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। মাৰপিট কৰাৰ পিছতেই  সকলো অভিযুক্ত পলায়ন কৰিছে আৰু আৰক্ষীয়েও অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত আৰম্ভ কৰিছে।