কালগাছিয়া, সংবাদ ৩৬৫, ১৪ এপ্ৰিল : ৰাজ্যৰ চৌপাশে ৰঙালীৰ উলহ-মালহ পৰিবেশ । এই পৰিবেশৰ মাজতে দেওবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ তাপাজুলিত ৰাতিপুৱা হোৱা বজ্ৰপাতত একে পৰিয়ালৰে কন্যা শিশু নিহত হোৱাৰ লগতে শিশু গৰাকীৰ পিতৃ-মাতৃ গুৰুতৰ ভাবে আহত হয়।

জাফৰ আলী আৰু ৰুকিয়া খাতুনৰ কন্যা জাহিদা খাতুন নামৰ শিশু গৰাকী (৫) । ৰাতিপুৱা ঘৰৰ ভিতৰত বহি থকাৰ সময়তে ঘৰৰ ওপৰত বজ্ৰ পৰে। লগে লগে আহত সকলক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে জাহিদা খাতুনক মৃত বুলি ঘোষণা কৰে। আহত পিতৃ-মাতৃ বৰ্তমান বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।