কলগাছিয়া, সংবাদ ৩৬৫, ৩১ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক – ২০১৬ ৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি বিভিন্ন দল – সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। তাৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা জিলাৰ তাপেশ্বৰা লাকী বজাৰত চি পি আই (এম)ৰ উদ্যোগত তাপেশ্বৰা (লাকী) বজাৰৰ পৰা বালাগাওঁ লৈ বিশাল জোঁৰ সমদল উলিয়াই । জোৰ সমদলত অংশ লোৱা সমদলকাৰী সকলে নাগৰিকত্ব বিধেয়ক বাতিল কৰক, অসম চৰকাৰ গো বেক, জাতিদ্ৰোহী হিমন্ত বিশ্ব শৰ্মাক এই মাটিত কবৰ দিয়ক, সৰ্বানন্দ সনোৱালক কবৰ দিয়ক, নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ২০১৬ বাতিল কৰক, অসম চৰকাৰ মুৰ্দাবাদ , বিজেপি চৰকাৰ মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। এই জোৰ সমদলত চি পি আই (এম) দলৰ জিলা সদস্য চান মামুদক ধৰি কেবাশতাধিক নেতা- কৰ্মী উপস্থিত থাকে ৷