কলগাছিয়া, সংবাদ ৩৬৫, ১২ ছেপ্টেম্বৰ: দিখৌ মুখৰ ট্ৰেজেদী আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ নাও দুৰ্ঘটনাৰ শংকা মাৰ নৌযাওতেই কলগাছিয়াৰ কৰাৰকুৰত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান অব্যাহত থকাৰ নামত চৰম গাফিলতি এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীৰ। উল্লেখ্য যে যোৱা দেওবাৰে নিশা প্ৰায় ৮:৩০ বজাত ভূতভূতি নাওৰ ইঞ্জিন বিকল হৈ বেকী নৈৰ দলঙৰ খুটাত প্ৰকাণ্ড জোৰে খুন্দা খাই ভয়াৱহ দুৰ্ঘটনাত পতিত হয়। যাৰ ফলস্বৰুপে ৰহিম বাদশাহ নামৰ লোক এজনৰ অৱস্থা সংকটজনক আৰু বাকী আন যাত্ৰী বিলাকে নাওঁৰ চালিৰ ওপৰৰ পৰা জাপ দিছিল। পাছত বহু যাত্ৰী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে জহিৰুল হক নামৰ লোক এজন নিৰুদ্দেশ হৈছিল। মঙ্গলবাৰৰ পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে চলাই থকা উদ্ধাৰ অভিযানত বৰ্তমানেও কোনো সন্ধান পোৱা নাই জহিৰুলৰ। এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে অভিযান চলোৱাৰ পৰিবৰ্তে সম্প্ৰতি বহি বহি সময় পাৰ কৰাৰ অভিযোগ তুলিছে জাহিৰুলৰ পৰিয়াল আৰু ৰাইজে। নদীত পানীৰ সোঁত বেছি হোৱাৰ বাবে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাব পৰা নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়হে কব।