কলগাছিয়া, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কৰ্মকাণ্ডই অতিষ্ঠ কৰি তুলিছে অভিভাকৰ লগতে ৰাইজক। উক্ত বিদ্যালয়খন ১৯৮১ চনতে স্থাপিত হৈছে। বিদ্যালয়খনত উপযুক্ত ধন থকা স্বত্বেও পৰ্যাপ্ত শ্ৰেণী কোঠাৰ অভাৱত এটা জৰাজীৰ্ণ গোহালি সদৃশ কোঠালিতে অশৈক্ষিক পৰিৱেশত পাঠদান চলাই আছে শিক্ষকে। বিদ্যালয়খনত ৯৩ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৪ জন শিক্ষক আছে যদিও ইয়াৰে প্ৰধান শিক্ষক আলিম উদ্দীন আৰু নিমাই সৰকাৰ উপস্থিত থকাৰ বিপৰীতে দেলোৱাৰ হুছেইন আৰু আব্দুল ছবুৰ অনুপস্থিত থাকিও শিক্ষক হাজিৰা বহীত চহী কৰে। ছাত্ৰ-ছাত্ৰীৰ মধাহ্ন ভোজন যোগানতো প্ৰধান শিক্ষক গৰাকীয়ে ব্যাপক দুৰ্নীতি সংঘটিত কৰি নিম্নমানৰ আহাৰ যোগান ধৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীক মুকলি আকাশৰ তলত পুখুৰীৰ পাৰত ইতৰ প্ৰাণীৰ দৰে পানী নোহোৱাকৈ মধাহ্ন ভোজন খাবলৈ দিয়ে। জুন মাহৰ চাউলেৰে মধাহ্ন ভোজন খুৱাই থকাৰ বিপৰীতে আগষ্ট আৰু চেপ্টেম্বৰ মাহৰ চাউলৰ কোনো খবৰে নাজানে প্ৰধান শিক্ষক গৰাকীয়ে। দুই মাহৰ চাউল বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে সহ: শিক্ষক দেলোৱাৰ হুছেইন আৰু আব্দুল ছবুৰ আৰু প্ৰধান শিক্ষক আলিম উদ্দীনৰ দুৰ্নীতিৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ ঊৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছে অভিভাৱকৰ লগতে ৰাইজে।