কলগাছিয়া, সংবাদ৩৬৫, ২৪ এপ্ৰিল : এগৰাকী ৭ বছৰীয়া ছাত্ৰীক মটৰ চাইকেলেৰে খুন্দিয়াই আহত কৰা বাইকাৰক আৰক্ষীয়ে এৰি দিয়ক কেন্দ্ৰ কৰি ২০০ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰিলে বালিকুৰী আৰক্ষী চকী।

বৰপেটা জিলাৰ বালিকুৰি এন ছি গাঁওত যোৱা ২২ এপ্ৰিলত দুজন বাইকাৰে বিছমে ৰাব্বিকা নামৰ এগৰাকী ছাত্ৰীক এ এছ-১৮এফ-৪৫১৯ নম্বৰৰ আপাচে মটৰ চাইকেলেৰে খুন্দিয়াই আহত কৰিছিল এগৰাকী ছাত্ৰীক। ছাত্ৰী গৰাকী সম্প্ৰতি গুৱাহাটীৰ ৰহমানিয়া হস্পিতালত মৃত্যুৰ সৈতে যুঁজি আছে। ৰাইজে বাইকাৰ শফিকুল ইছলামক আটক কৰি গতাই দিছিল আৰক্ষীক।

মঙ্গলবাৰে আৰক্ষীয়ে বাইকাৰ দুজনক এৰি দিয়াত আজি জনতা পাব্লিক একাডেমিৰ ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰে বালিকুৰী আৰক্ষী চকী। বাইকাৰ দুজনক পুনৰ গ্ৰেপ্তাৰ নকৰিলে বৃহস্পতিবাৰে পুনৰ ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰিব আৰক্ষী চকী।

ইফালে, বাইকাৰ শফিকুল ইছলামৰ নাই চালকৰ অনুজ্ঞাপত্ৰ, মৃত্যু নোহোৱাৰ বাবেই বেইলবল ধাৰাত এৰি দিয়ে বুলি মন্তব্য বালিকুৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ।