কলগাছিয়া, সংবাদ ৩৬৫, ১৭ আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰ গাঁওত শুক্ৰবাৰে দুপৰীয়া ৬ বছৰীয়া এটি শিশু বেকী নৈৰ বাঢ়নী পানীত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয়। জানিব পোৱা অনুসৰি শুক্ৰবাৰে দুপৰীয়া জয়নাল আব্দিনৰ পুত্ৰ মোস্তাফিজুৰ ৰহমানে আইতাকৰ ঘৰত গৈছিল আৰু তাৰ পিছৰ পৰাই মোস্তাফিজুৰ নিৰুদ্দেশ হয়। পাছত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি মোস্তাফিজুৰক পথাৰৰ পৰা উদ্ধাৰ কৰে আৰু লগে লগে বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মোস্তাফিজুৰক মৃত বুলি ঘোষণা কৰে। শিশুটোৰ কৰুণ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে।