কলগাছিয়া, সংবাদ ৩৬৫, ৩ আগষ্টঃ কলগাছিয়াৰ  বেঁকী নৈৰ  বানপানীৰ ফলত সৃষ্টি হৈছে প্ৰচণ্ড গৰাখহনীয়াৰ৷ ৫০ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিল অন্ধকাৰ।বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওঁপুৰত বানপানীয়ে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি সৃষ্টি কৰে প্ৰচণ্ড গৰাখহনীয়াৰ৷ বৃহস্পতিবাৰে নিশা বেকী নৈত জাহ যায় ১২৪৭ নং পূব শওঁপুৰ প্ৰাথমিক বিদ্যালয় আৰু নির্মাণৰত ৰাজ্যিক ঘাই পথ।ইয়াৰ উপৰিও এই খহনীয়াত বেকী নৈৰ ওপৰত থকা দলঙৰ দুয়ো পাৰ অৰ্থাৎ নির্মাণৰত ৰাজ্যিক ঘাইপথৰ দুটা অংশ ইতিমধ্যে বেকী নৈৰ খহনীয়াৰ কৱলত পৰাত আজি অৰ্থাৎ শুক্ৰবাৰৰ দিনৰ ভিতৰত যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ সম্ভাৱনাই দেখা দিছে।এই ব্যাপক খহনীয়াৰ খবৰ লাভ কৰাৰ পাচতেই  বিভাগীয় কৰ্তৃপক্ষ আৰু বৰপেটা জিলা প্ৰশাসনে গৌতম কনষ্ট্ৰাকচন নামৰ পথ নিৰ্মাণ কোম্পানিক খহনীয়া প্ৰতিৰোধৰ কাম কৰিব দিছিল যদিও কোম্পানীটোৱে ব্যাপক অৱহেলা কৰাৰ অভিযোগ তুলিছে ৰাইজে। গৌতম কনষ্ট্ৰাকচন কোম্পানীটোৰ অৱহেলাৰ ফলত শওঁপুৰ গাঁওখনলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হোৱাৰ লগতে আজি দিনৰ ভিতৰত ৰাজ্যিক ঘাইপথ যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বিছিন্ন হব বুলি ধাৰণা কৰিছে। আৰু এই খহনীয়াৰ ফলত ৰাজ্যিক ঘাই পথ তথা ৰাইজৰ ক্ষতি হলে সেয়া পথ নিৰ্মাণ কোম্পানী দায়ী হব বুলি কোৱাৰ লগতে চৰকাৰক অতি সোনকালে বিহীত ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে।