কলগাছিয়া, সংবাদ ৩৬৫, ১০ আগষ্ট: সঘনাই অপৰাধমূলক ঘটনা সংঘটিত হোৱা কলগাছিয়াত এইবাৰ দুৰ্ঘটনাগ্ৰস্থ চোৰাং শাল কাঠ ভৰ্ত্তি ট্ৰাক। বৃহস্পতিবাৰে নিশা তীব্ৰ বেগেৰে চোৰাং কাঠখিনি কলগাছিয়াৰ জাউৰীমাৰিত লৈ গৈ থকা অৱস্থাত বৰপেটা জিলাৰ সৰভোগ আৰক্ষীৰ অন্তৰ্গত কলগাছিয়াৰ ৰহা চকত এডাল গছত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় এন এল ০১ডি ৬৯১৩ নম্বৰৰ শাল কাঠৰ কুণ্ডা ভৰ্ত্তি ট্ৰাকখন। ট্ৰাকখনৰ লগত আৰু এখন এ এছ ১৫ এল ৪৯২৮ সৰু চাৰিচকীয়া বাহনো আহিছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে সৰু চাৰিচকীয়া বাহন খন ট্ৰাকৰ ওচৰত থৈ পলায়ন কৰে গাড়ী খনৰ গৰাকী। কাঠ ভৰ্ত্তি ট্ৰাক খনৰ লগতে চাৰিচকীয়া বাহনখন সৰভোগ স্থানীয় ৰাইজে সৰভোগ আৰক্ষীক গতাই দিয়ে। প্রায় ২০ লাখ টকাৰ শাল কাঠৰ কুণ্ডা ট্ৰাক খনত থকা বুলি অনুমান কৰিছে স্থানীয় ৰাইজে। গৰীয়া মৰিয়া দেশীয় জাতীয় পৰিষদে অভিযোগ কৰে যে পুলিচ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই নিতৌ চোৰাং কাঠ, চোৰাং গৰু অনা নিয়া হয় এই কলগাছিয়া গৰকাপ্তানী পথেদি। গতিকে প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে গৰীয়া মৰিয়া দেশীয় জাতীয় পৰিষদে ।