কলগাছিয়া, সংবাদ ৩৬৫, ২ আগষ্টঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰাইজে বিভাগীয় কতৃপক্ষৰ চৰম অৱহেলাৰ বাবে যমৰ যাতনা ভোগ কৰিব লগীয়া হৈছে৷ বৰপেটা জিলাৰ জনীয়া সমষ্টিত দলং অথবা পথ নিৰ্মানেই হওক বা মেৰামতিয়ে হওক সকলোতে বিভাগীয় অভিযন্তাৰ সহযোগত ঠিকাদৰে ব্যাপক দুৰ্নীতি কৰি আহিছে৷ কলগাছিয়া-খাৰবাল্লী কাঠৰ দলঙৰ দুৰ্নীতিৰ পিছত একে আঁচনিৰ অধীনত নিৰ্মাণ হোৱা কলগাছিয়া-আমগুৰি কাঠৰ দলঙ আৰু পথ নিৰ্মাণতো ঠিকাদৰে বিভাগীয় অভিযন্তাৰ সহযোগত ব্যাপক দুৰ্নীতি কৰাৰ তথ্য পোহৰলৈ আহিছে৷ ধীৰাজ পাটোৱাৰী নামৰ ঠিকাদৰজনে দলং আৰু পথ নিৰ্মাণ  কৰা ঠিকা কামটোত ফজল হক ওৰফে ফকৰ আৰু আব্দুল কালামে ঠিকা লৈ ব্যাপক দুৰ্নীতিৰে দলঙৰ বহল ১২ ফুটৰ ঠাইত ৮ ফুটতকৈ কম আৰু স্থানীয় পিটকুলি আৰু বজ গছৰ কাঠেৰে নিৰ্মাণ কৰাৰ লগতে পুৰণা কাঠ ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে ৰাইছে৷ দলঙখন ইমানেই ঠেক হৈছে যে দলঙখনৰ ওপৰেদি ১০৮ এম্বুলেঞ্চ এখনো যাব নোৱাৰে৷ ইফালে ৪০০ মিটাৰ পথৰ কামত  ৫ ৰ পৰা ৬ মিটাৰ বহলৰ পৰিৱৰ্তে ২.৫ ৰ পৰা ৩ মিটাৰ বহল কৰিছে৷ আনহাতে পথৰ উচ্চতাৰ ঠায়ে ঠায়ে নাম মাত্ৰহে মাটি পেলাইছে৷ য’ত পূৰণা পথৰ ঘাঁহ পৰ্যন্ত দেখা যায়৷ এই ক্ষেত্ৰত আমগুৰি গাৱৰ ৰাইজে পথ আৰু দলঙখন আঁচনি মতে কৰাৰ দাবী উত্থাপন কৰাৰ লগতে ঠিকাদাৰ ধীৰাজ পাটোৱাৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে৷