কলগাছিয়া, সংবাদ ৩৬৫, ১০ অক্টোবৰ: দহ দফীয়া জৰুৰী দাবীৰ সমৰ্থনত চি পি আই এমৰ ৰাজ্যজোৰা আন্দোলনৰ অংশ হিচাপে বুধবাৰে কলগাছিয়া আৰু বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত চি পি আই এম দলে বিক্ষোভ আন্দোলন কাৰ্যসূচী পালন কৰে। এই আন্দোলন কাৰ্যসূচীত এন আৰ চিত সকলো ভাৰতীয়ৰ নাম অন্তৰ্ভূক্তি আৰু বাতিল হোৱা ৫ নথি বাহাল, বান-গৰখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি, পেট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা আদি কৰি দহ দফীয়া দাবীৰ ভিত্তিত তীব্ৰ প্ৰতিবাদ সাবাস্ত্য কৰে । আন্দোলনকাৰী সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি কলগাছিয়া আৰু বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত পৰিবেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয় ।