কালগাছিয়া, সংবাদ ৩৬৫, ১৬ এপ্ৰিল : আছে গৰু নেবায় হাল, থকাতকৈ নাথকাই ভাল। এই আপ্তবাক্য শাৰী এশ শতাংশই খাপ পৰিছে কলগাছিয়াস্থিত বৰপেটা চিভিল হস্পিতালৰ ক্ষেত্ৰত।
হস্পিতাল খনত পশ্চিম বৰপেটাৰ বৃহত্তৰ এলেকাৰ গৰিব-দুখীয়া আৰু অতি সহজ-সৰল বিপদগ্ৰস্হ ৰোগী সকলে চিকিৎসা সেৱা গ্ৰহণৰ বাবে ভীৰ কৰে। কিন্তু ৰোগী অনুপাতে হস্পিতাল খনত অন্যান্য সুবিধাৰ লগতে ডাক্তৰৰ সংখ্যা তেনেই নগণ্য। থকা কেইজনো মানৱতাক জলাঞ্জলি দি বিনা ধনে ৰোগীলৈ চকু মেলি
নোচোৱাৰ অভিযোগ উত্থাপন হৈছে।
কৰ্তব্যৰ সময়তো অধিক ধন ঘটাৰ বাবে বৰপেটা চিভিল হস্পিতালৰ ডাক্তৰ সকলে নিজৰ নিজৰ ব্যক্তিগত কোৱটাৰত ধনী শ্ৰেণীৰ ৰোগীৰ সৈতে ব্যস্ত থকাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে।
ইপিনে হস্পিতালত ডাক্তৰ অনুপস্থিত থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নাৰ্চ সকলে ৰোগীলৈ সেৱা আগবঢ়োৱাৰ বিপৰীতে ঘন্টাৰ পিছত ঘন্টালৈকে দৃষ্টি কটু ভাৱে মোবাইলত ব্যস্ত থকাটো সৰ্বত্ৰে পৰিতাপৰ বিষয় বুলি বিবেচিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ পশ্চিম বৰপেটাৰ দুখীয়া ৰোগী সকলৰ বাবে এক মাত্ৰ ভৰসাৰ বৰপেটা চিভিল হস্পিতাল খন সম্প্ৰতি নৰকলৈ ৰূপান্তৰ হৈছে বুলি ৰাইজে গভীৰ দুখ প্ৰকাশ কৰা দেখা গৈছে। এই ক্ষেত্ৰত ৰাইজলৈ কৃপাৰ দৃষ্টিৰে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে আহ্বান জনাইছে।