বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ দৰে কলমণিৰ ঐতিহ্যমণ্ডিত কুৰ্ম মাধৱ দেৱালয় প্ৰাংগণতো এইবাৰ ক’লা পতাকাৰ বিৰুদ্ধে স্থানীয় ৰাইজে সমূহীয়া প্ৰাৰ্থনাৰে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসুচী । অন্য প্ৰান্তৰ পৰা আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন কৰি কলমনিৰ বদনাম কৰা কাৰ্যক গৰিহণা দি অঞ্চলবাসীয়ে দুষ্কৃতিকাৰী কেইজনক দৃষ্টান্ত মুলক শাস্তিৰ দাবী তোলে। উল্লেখ্য যে কুৰ্ম মাধৱ দেৱালয়ৰ উন্নয়ন সমিতিৰ সভাপতি মহিম চন্দ্ৰ নাথৰ সভাপতিত্বত মংগলবাৰে দিনৰ ভাগত অনুষ্ঠিত প্ৰতিবাদী সভাখনত অঞ্চলবাসীয়ে দেৱালয়ৰ উন্নয়নৰ ক্ষেত্ৰত ক্ষতি হ’ব পৰা এনে কাৰ্যক ধিক্কাৰ প্ৰদান কৰে। প্ৰতিবাদকাৰী সকলৰ এনে কাৰ্য্যই দেৱালয়খনক অশুচি কৰাৰ অভিযোগ তুলি অঞ্চল বাসীয়ে দেৱালয়খন শুদ্ধিকৰণৰ ব্যৱস্থা কৰে। দেৱালয় প্ৰাংগণত ৭০ সংগঠনৰ বিৰুদ্ধে কেইবা শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰি মন্দিৰ দেৱালয়ক লৈ ৰাজনীতি নকৰিবলৈকো ক’লা পতাকা প্ৰদৰ্শন কৰা সংগঠনটোকেইটাক এনে কাৰ্য নকৰিবলৈ সকিয়াই দিয়ে ।
