চামাদুল হুছেইন

কলাইগাঁও  

২৩ আগষ্ট

ওদালগুৰি জিলাৰ কলাইগাঁৱত দেওঁবাৰে নৱনিৰ্মিত ব্যৱসায়িক প্ৰতিষ্ঠান ভৱন এটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কলাইগাঁও সমবায়, শিলপোতা সমবায়, টেঙাবাৰী সমবায় আৰু লক্ষীমপুৰ সমবায় সমিতিৰ অধীনস্থ অংশীদাৰ ৰাইজক লৈ ১৯৫৭ চনতেই কলাইগাঁও মাৰকেটিং চ’ছাইটি লিমিটেড নামৰ এই বৃহৎ অনুষ্ঠানটি গঠিত হৈছিল।

পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ মাজেৰে আনুষ্ঠানিকভাৱে নৱনিৰ্মিত ব্যৱসায়িক প্ৰতিষ্ঠান ভৱনটো উদ্বোধন কৰে কলাইগাঁও ৰাজহ চক্ৰ বিষয়া সুজাতা গোস্বামীয়ে। উদ্বোধনী অনুষ্ঠানত কলাইগাঁও মাৰকেটিং চ’ছাইটিৰ সভাপতি দেবেন ডেকা, উপ সভাপতি বসন্ত কুমাৰ শইকীয়া, সম্পাদক সতীশ চহৰীয়া, প্ৰাক্তন সভাপতি মহেন্দ্ৰ শইকীয়া, শিলপোতা মৌজাৰ মৌজাদাৰ কমল প্ৰসাদ শৰ্মা, বিশিষ্ট লেখক, সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকা, সমাজকৰ্মী দেবাঞ্জন সিংহ, টেঙাবাৰী সমবায় সমিতিৰ সভাপতি লীলাধৰ বৰ্মন, কলাইগাঁও প্ৰেছ ক্লাৱৰ সভাপতি টংকেশ্বৰ বৰুৱাকে ধৰি চ’ছাইটিৰ সদস্য তথা অংশীদাৰ ৰাইজ উপস্থিত থাকে।

দেবেন ডেকাক সমবায়খনৰ সভাপতি, সতীশ চহৰীয়াক সম্পাদকৰ লগতে বসন্ত কুমাৰ শইকীয়া, পুৰন্দৰ বড়া, তিলক ডেকা আৰু ৰাতুল বণিয়াক সদস্য হিচাপে লৈ গঠিত চ’ছাইটিৰখনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভৱনটো তিনি মহলীয়াকৈ নিৰ্মাণৰ পৰিকল্পনা লোৱাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ তলৰ মহলাৰ সাতটা কোঠা আটকধুনীয়াকৈ নিৰ্মাণ কৰাত সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে।