বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ১৩জানুৱাৰী: ৰাজ্যত ক্ৰমান্বয়ে অবৈধ বেহাই ৰমৰমীয়া বেহাত পৰিণত হৈছে। অবৈধ বালি, কাঠ, মাটি আদিকে ধৰি বৰ্তমান অবৈধ বেহাৰ এক জীৱিকাৰ পথ হিচাপে বাছি লৈছে একাংশ দুষ্ট লোকে। এই অবৈধ বেহাৰ দীৰ্ঘ দিন ধৰি ৰমৰমীয়া ব্যৱসায় চলাই মাটি খনন কাৰ্য চলাই আহিছে কামৰূপ জিলাৰ মুক্তাপুৰৰ নিকটৱৰ্তী বৰপানাৰাত কলাজল নদীত। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি দীৰ্ঘ দিন ধৰি নিশা ১২ বজালৈ টেক্টৰ, জে চি পি আৰু ডাম্পাৰেৰে নদীৰ পৰা মাটি খান্দি অহৰহ গাঁৱৰ মাজেৰে গধুৰ বাহন অহা যোৱা কৰাৰ ফলত বাট পথ নষ্ট হোৱাৰ উপৰিও শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ হয়। এই ক্ষেত্ৰত বন বিভাগৰ লগত দুষ্ট ব্যৱসায়ী চক্ৰৰ গোপন বুজা বুজি থকা বুলি গুৰুতৰ অভিযোগ কৰি স্থানীয় ৰাইজে সংবাদ মাধ্যমক জানিব দিয়ে। দিনে নিশাই অহৰহ টেক্টৰ, ডাম্পাৰ চলি থকাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত অসুবিধা হোৱাৰ উপৰিও খোৱা খাদ্যৰ লগত ধুলি বালি মিহলি হৈ অঞ্চলটোৰ বহু লোক অসুস্থ হৈ পৰা বুলিও অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে। এই সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগ আৰু স্থানীয় আৰক্ষী থানাত জনোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও জানিব পৰা গৈছে । এই ক্ষেত্ৰত অতি সোনকালে যদি বিভাগীয় কতৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে স্থানীয় ৰাইজে পথ অৱৰোধ কৰাৰো হুংকাৰ দিয়ে ।