কাকপথাৰৰ পৰা দ্বীপেন লহকৰ, সংবাদ ৩৬৫, ২০ অক্টোবৰ: শাৰোদুৎসৱৰ উখল মাখল পৰিবেশৰ মাজতেই ৰাজ্যৰ লগতে পাঞ্জাৱৰ অমৃৎসৰত হোৱা ভয়াৱহ দুৰ্ঘটনাৰ উপৰিও বিভিন্ন দুৰ্ঘটনা সংঘটিত হয়। শুকুৰবাৰ অৰ্থাৎ বিজয়া দশমী দিনাও তিনিচুকীয়া জিলাৰ কাকপথাৰ অাৰক্ষী থানাৰ অন্তৰ্গত চেলেংগুৰিত শুকুৰবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনা সংঘটিত হয়। ফলত এজন উদণ্ড বাইক চালকৰ হাতত এজন লোকে প্ৰাণ হেৰুৱাব লগীয়া হয়। উক্ত ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে দিনৰ দুই বজাৰ পৰা স্থানীয় ৰাইজে দোষীক কৰায়ত্ত কৰাৰ লগতে উপযুক্ত ক্ষতিপুৰণৰ দাবীত অসম অৰুণাচল সংযোগী ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথছোৱা চেলেংগুৰিৰ সমীপত পথ অৱৰোধ কৰে। শুকুৰবাৰে সন্ধিয়া কোনো অচিনাক্ত উদণ্ড বাইক চালক এজনে ন মেচাই গাঁৱৰ মজিত মৰাণ নামৰ লোকজনক খূণ্ডিয়াই থৈ যোৱাত থিতাতে নিহত হয় লোকজন। পাছত দুৰ্ঘটনা সংঘটিত কৰি বাইক চালকজনে পলায়ণ কৰিলেওঁ প্ৰত্যক্ষদৰ্শীয়ে অাৰক্ষীক চালকৰ মুখাবয়ব অাৰু মটৰ চাইকেলৰ সবিশেষ অৱগত কৰিছিল যদিওঁ অাৰক্ষীয়ে কোনোধৰণৰ তৎপৰতা প্ৰদৰ্শণ নকৰাত ক্ষোভিত ৰাইজে আজি অৰ্থাৎ শনিবাৰে পথ অৱৰোধ কাৰ্যসুচী গ্ৰহন কৰে। ৰাইজে উদণ্ড বাইক চালকজনৰ অতপালি ৰোধ কৰাৰ উপৰিওঁ দোষীক কৰায়ত্ব কৰি পৰিয়ালক উপযুক্ত ক্ষতিপুৰণৰ দাবী জনাইছে।