গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মে’: কাছাৰ জিলাত আৰু দুজন লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। ৰাজ্যত আক্রান্তত সংখ্যা ১০৬ লৈ বৃদ্ধি। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰিলে কাছাৰত আৰু দুজন লোক আক্রান্ত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি।

অসমত ভয়াবহ ৰূপ ধাৰণ কৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাইছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা। সোমবাৰৰ দিনটোত বৰ্তমানলৈকে ৰাজ্যত ৬ জন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। সোমবাৰে পুৱা ১১.১৫ মিনিটত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জানিবলৈ দিয়ে যে যোৰহাট জিলাত এজন লোক আৰু নগাঁও জিলাত এজন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে পুনৰ ৩.২০ মিনিটত অন্য এটা টুইট যোগে গোলাঘাট জিলাত আৰু দুজনকৈ লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছে বুলি সদৰি কৰে। আবেলিৰ ৬.৩৫ মিনিটত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে পুনৰ টুইট যোগে জানিবলৈ দিয়ে যে কাছাৰ জিলাৰ দুজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে বুলি। দিনটোত ৬ জনকৈ লোক আক্রান্ত হোৱাত ৰাজ্যত আক্রান্ত সংখ্যা ১০৬ লৈ বৃদ্ধি পাইছে।

আনহাতে আজিৰ দিনটোৰ অন্য এটা বেয়া খবৰ হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ৭১ বছৰীয়া গোপিন্দ্ৰ চন্দ্ৰ মালাকাৰ নামৰ এজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱাৰ খবৰ। মালাকাৰ কৰ্কট ৰোগত আক্রান্ত আছিল আৰু কিছুদিন পূৰ্বে বিশেষ বাছ যোগে তেওঁ মুম্বাইৰ পৰা চিকিৎসা কৰি গুৱাহাটীলৈ ঘূৰি আহিছিল। মুম্বাইৰ পৰা ঘূৰি অহাৰ পিছত গোপিন্দ্ৰ চন্দ্ৰ মালাকাৰৰ কভিড-১৯ টেষ্ট কৰোৱা হৈছিল আৰু ফলাফলত তেওঁ কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত বুলি নিশ্চিত হোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল।