কলগাছিয়া, সংবাদ ৩৬৫, ১১ আগষ্ট: উৎকোচ বিচৰা বুলি মিছা অভিযোগৰ বলি হল বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কাদং গাঁও পঞ্চায়তৰ সচিব প্ৰদীপ ঘোষ। মহম্মদপুৰৰ বাসিন্দা শাৰীৰিক ভাবে সক্ষম আনিমুল ইছলামে সচিব প্ৰদীপ ঘোষৰ বিৰুদ্ধে এক মিছা এজাহাৰ দাখিল কৰে। ঘটনা অনুসৰি আনিমুল ইছলামে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদানত সচিব প্ৰদীপ ঘোষে আনিমুল ইছলামৰ পৰা ১২ হাজাৰ টকা উৎকোচ বিচৰা বুলি বৰপেটা সদৰ আৰক্ষী থানাত এক এহাজাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত শুক্ৰবাৰে বৰপেটা সদৰ আৰক্ষীয়ে কাদং গাঁও পঞ্চায়তৰ সচিব প্ৰদীপ ঘোষক ঘটনা সন্দৰ্ভত সোধ পোছৰ বাবে থানালৈ লৈ যায়। পাছত এজাহাৰৰ বাতৰিটো মিছা বুলি গম পোৱাত জাঙুৰ খাই উঠে কাদং গাঁও পঞ্চায়তৰ এলেকাধিন ৰাইজ। তাৰে প্ৰতিবাদতে শনিবাৰে মহম্মদপুৰ তিনিআলি চকত প্ৰায় তিনি শতাধিক ৰাইজে জনীয়া কাদং গড়কাপ্তানী অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ৰাইজে এজাহাৰকাৰীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগানেৰে পৰিবেশ উত্তাল কৰাৰ লগতে প্ৰতিবাদী সকলে প্ৰকাশ কৰা মতে কাদং গাওঁ পঞ্চায়তৰ সচিব প্ৰদীপ ঘোষৰ গাত বিন্দু পৰিমাণৰো দূৰ্নীতিৰ দাগ নাই। তেনে ক্ষেত্ৰত শাৰীৰিক ভাৱে বিশেষ সক্ষম আমিনূল ইছলামে উদ্দেশ্যপ্ৰনোদিত ভাৱে অসাম্প্ৰদায়িক কৰ্মদক্ষ, কাদং পঞ্চায়ত বাসীৰ জনপ্ৰিয় সচিব গৰাকীৰ বিৰুদ্ধে এনে এটা মিছা বদনাম জাপি দি সচিব গৰাকীৰ নিকা ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ অপচেষ্টা কৰা বুলি ৰাইজে এজাহাৰকাৰী আমিনূলক ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে। প্ৰতিবাদী ৰাইজৰ ভাষ্য অনুসৰি আমিনূলে নিজৰ ঘৰতে পত্নীৰ দ্বাৰা মদৰ ব্যৱসায় কৰাৰ দৰে অসামাজিক কৰ্ম চলাই আহিছে। যি অসামাজিক কৰ্মৰ কুপ্ৰভাৱ ছাত্ৰ সমাজৰ ওপৰত পৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।এই ক্ষেত্ৰত ৰাইজে আপত্তি কৰিলেও বৰপেটা আৰক্ষী প্ৰশাসন তথা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে সুসম্পৰ্ক থকা বুলি আপত্তিকাৰীক শাৰীৰিক সক্ষম আমিনূলে ভয়-ভীতি দেখুৱায়াই আহিছে বুলি ৰাইজৰ ভাষ্যত প্ৰকাশ।তাৰ সুবাদতে আমিনূলে যেতিয়া যি মন তাকে কৰিব পাৰে বুলি ৰাইজৰ আগত আমিনূলে জহাই ফুৰে। আনকি ৰাইজে আৰু কয় যে নানা ধৰণৰ অসামাজিক কামত লিপ্ত আমিনূলৰ বিৰুদ্ধে কেতিয়াবা জনালেও বৰপেটা আৰক্ষী প্ৰশাসনে কোনো ইতিবাচক পদক্ষেপ নোলোৱাৰ বাবে ৰাইজ বৰপেটা আৰক্ষী প্ৰশাসনৰ ওপৰত সন্দিহান হৈ পৰিছে। কাদং গাওঁ পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে দাখিল কৰা মিছা এজাহাৰৰ পৰা বিনা চৰ্তে সচিব গৰাকীক ৰেহাই দিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে। অন্যথা কাদং গাওঁ পঞ্চায়তবাসী ৰাইজে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।