ডিফু

২৭ ছেপ্তেম্বৰ

ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত দেওবাৰে কাৰ্বি আংলং বিজেপিৰ ই-বুকৰ শুভ উন্মোচন কৰা হয়৷ তিনি পাৰ্বত্য জিলাৰহৈ ডিফু জনজাতি লোকসভা সমষ্টিৰ একমাত্ৰ সাংসদ হৰেণছিং বে’, বোকাজান সমষ্টিৰ বিধায়ক নোমল মমিন, পূৱ কাৰ্বি আংলং বিজেপিৰ সভাপতি ধনছিং ৰংহাঙ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহি লগতে জিলা বিজেপিৰ কাৰ্যকৰ্তা সকলৰ উপস্থিতিত ডিফুৰ মাটিপুংস্থিত আৰবৰেটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ সভা কক্ষত ই-বুকখনৰ শুভ উন্মোচন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷

অনুষ্ঠানত উপস্থিত বিজেপিৰ কৰ্মকৰ্তা সকলক উদ্দেশ্যি গুৱাহাটীৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাষণ দিয়ে ৰাজ্যিক বিজেপিৰ ই-বুকৰ আহ্বায়ক তথা জ্যেষ্ঠ বিজেপি নেতা বিজয় কুমাৰ গুপ্তাই৷ ভাষণ প্ৰসংগত বিজেপিৰ নেতা গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰসংগ, মনকী বাতৰ লগতে বিজেপিৰ বিভিন্ন উন্নয়ণ মূলক কামৰ খতিয়ান এই ই-বুকৰ জৰিয়তে পোৱা যাব বুলি জানিবলৈ দিয়ে৷ ই-বুকখন বৰ্তমান সময়ত হিন্দী, ইংৰাজী অসমীয়া ভাষাত প্ৰকাশ কৰাৰ লগতে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰ সংঘৰ স্বীকৃতিপ্ৰাপ্ত ৯ টা ভাষাতো ইয়াক কৰা হ’ব বুলি মন্তব্য কৰে বিজেপি নেতা বিজয় কুমাৰ গুপ্তাই। সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, উন্মোচিত হোৱা ই-বুকখনত চৰকাৰ আৰু জিলা বিজেৰি দলৰ বিভিন্ন উন্নয়ণ মূলক কাম-কাজ সমূহ সন্নিবিষ্ট কৰা হৈছে৷ ইয়াৰোপৰি লকডাউনৰ সময়ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে বহিঃৰাজ্য আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ পৰা কাৰ্বি আংলংৰ কৰ্মৰত যুৱক-যুৱতী সকলক জিলাখনলৈ আহিবলৈ প্ৰদান কৰা আৰ্থিক সাহায্যৰ খতিয়ান এই ই-বুকত উপলব্ধ হৈছে বুলি জানিবলৈ দিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।ইয়াৰোপৰি বহিঃৰাজৰ শ্ৰমিকৰ সাহায্যাৰ্থে মুখ্য কাৰ্যবাহী সদস্যৰ সাহায্য পূঁজীৰ পৰা ৩ কোটি টকা ব্যয় কৰা হৈছে বুলি মন্তব্য কৰিছে তুলিৰাম ৰংহাঙে৷

আনহাতে স্থানীয় ইএম তথা ৰাজ্যিক বিজেপিৰ উপসভাপতি ৰতন টেৰণ আৰু বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক নোমল মমিনে সাংবাদিৰ আগত কয়যে উক্ত ই-বুকৰ জৰিয়তে “সেৱা হী ধৰ্ম” বিজেপিৰ উদ্দেশ্য ৰাইজে বুজিবলৈ সুযোগ পাব৷ এই ই-বুকৰ জৰিয়তে বিজেপিৰ তৃণমূল পৰ্যায়ৰ উন্নয়ণমূলক কাম-কাজ আৰু বিভিন্ন আঁচনিৰ ৰূপায়ণৰ বিষয় ৰাইজ অৱগত হ’ব৷