ডিফু
৪ ছেপ্তেম্বৰ
আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহে ভোটাৰৰ আকৰ্ষিত কৰাৰ বাবে নিৰ্বাচনী ৰণ কৌশল প্ৰস্তুত কৰি থকাৰ সময়তে দিল্লীৰ জনপ্ৰিয় নেতা অৰবিন্দ কেজৰিয়ালৰ নীতি-আদৰ্শেৰে অসমতো এখন দূৰ্নীতি, ভ্ৰষ্টাচাৰমুক্ত আৰু উন্নয়ণমূখী সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ আম আদমী পাৰ্টীয়ে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে৷ ইতিমধ্যে দলটোৰ ৰাষ্ট্ৰীয় নিৰিক্ষক ৰাজেশ শৰ্মাৰ নেতৃত্বত গঠিত এক অভিজ্ঞ দল সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা আৰম্ভ কৰিছে৷
অসমত এখন দূৰ্নীতি, ভ্ৰষ্টাচাৰমুক্ত আৰু উন্নয়ণমূখী সুস্থিৰ চৰকাৰ গঠন কৰাৰ উদ্দেশ্যে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ ৰাজনীতিত আত্মপ্ৰাশ কৰিছে আম আদমী পাৰ্টীয়ে৷ আম আদমী পাৰ্টীৰ জিলা সভাপতি মিণ্টু পাটৰ আৰু সাধাৰণ সম্পাদক কাৰ্তিক বে’ৰ নেতৃত্বত ডিফুৰ ৬ কিলোত পাৰ্টীৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত এক কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰিক্ষক ৰাজেশ শৰ্মাসহ দলটোৰ কেইবাগৰাকী ৰাজ্যিক নেতা৷ কাৰ্বি আংলংৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সমৰ্থক সকলে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক অতিথি সকলক উষ্ম আদৰণি জনায়। দলীয় কৰ্মীক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় নিৰিক্ষক ৰাজেশ শৰ্মাই আম আদমী পাৰ্টীৰ নীতি- আদৰ্শেৰে অসমত তথা কাৰ্বি আংলংত এখন উন্নয়ণমূখী দৰিদ্ৰ জনসাধাৰণৰ কল্যাণকামী চৰকাৰ গঠন কৰাৰ মত পোষণ কৰে৷ অসমত দিল্লীৰ দৰে বিনামূলীয়া বিজুলী, পানী, শিক্ষা মহিলা সুৰক্ষা দিব পৰা এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ কৰ্মী সকলক ৰাইজৰ মাজত সোমাই গৈ আম আদমী পাৰ্টীৰ নীতি-আদৰ্শ বুজাই দিবলৈ আহ্বান জনায় ৰাজেশ শৰ্মাই। আম আদমী পাৰ্টী কথাৰে নহয় কামত পৰিচয় দিয়ে বুলি কৈ অসমৰ সৰু-বৰ দলক আম আদমী পাৰ্টীত যোগদান কৰিবলৈও আহ্বান জনায় ৰাজেশ শৰ্মাই৷ আনহাতে আম আদমী পাৰ্টীৰ ছচিয়েল মেডিয়াৰ ইনচাৰ্জ লক্ষ্মীকান্ত দুবেই সাংবাদিৰ আগত কয় যে, আম আদমী পাৰ্টী আগন্তুক বিধানসভা নিৰ্বাচনত ১২৬ টা সমষ্ঠীতে প্ৰাৰ্থী প্ৰদান কৰিব, সেইবাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দলৰ আন্তঃগাথনি মজবুত কৰাৰ লগতে যোগ্য নেতা বাচনিৰ প্ৰক্ৰিয়া চলি আছে বুলি জনায় লক্ষ্মীকান্ত দুবেই। আম আদমী প্ৰাৰ্থীৰ অসম তথা কাৰ্বি আংলংত দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰমুক্ত এখন চৰকাৰ গঠন কৰাই দলৰ উদ্দেশ্য বুলিও কয় লক্ষ্মীকান্ত দুবেই। আম আদমী পাৰ্টীৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি মিণ্টু পাটৰে সাংবাদিকৰ সৈতে বাৰ্তালাপত কয় যে, পাহাৰীয়া জিলা কাৰ্বি আংলং দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰমুক্ত কৰিবলৈ আম আদমী পাৰ্টীৰ প্ৰয়োজন হৈছে। আম আদমী পাৰ্টীয়ে জাতি-ধৰ্মৰ ৰাজনীতি নকৰে, কেৱল উন্নয়ণৰ ৰাজনীতি কৰে৷ বহু কম সময়ৰ ভিতৰত পাহাৰত ৰাইজে আম আদমী পাৰ্টীক আকোৱালি লৈছে৷ অতি শীঘ্ৰে আম আদমী পাৰ্টীয়ে কাৰ্বি আংলং স্বায়ত্ব পৰিষদ দখল কৰিবলৈ সক্ষম হ’ব বুলিও কয় জিলা সভাপতি গৰাকীয়ে।
সভাত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰিক্ষক ৰাজেশ শৰ্মাই পাৰ্টীৰ কৰ্মী সকলক গাঁৱে-গাঁৱে প্ৰৱেশ কৰি দলৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে কৰ’ণা কালত ৰাইজৰ স্বাস্থ্যৰ বুজ ল’বলৈ কেইবাটাও অক্সিমিটাৰ প্ৰদান কৰে৷