আন্ধেৰীঘাটৰ পৰা দিপজ্যোতি ডেকা সংবাদ ৩৬৫, ৬ মেঃ পশ্চিম দৰংৰ কাৱৈমাৰী নিবাসী তথা সমাজকৰ্মী কেশৱ ৰাজবংশীৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। ৰাজবংশীৰ বিয়োগত শোকস্তব্ধ হৈ পৰে সমগ্ৰ অঞ্চল। প্ৰাপ্ত তথ্য মতে ৰাজবংশী কিছুদিনৰ পৰা এক জটিল ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল যদিও শনিবাৰে দুপৰীয়া ১২:২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। কেশৱ ৰাজবংশী শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ, দৰং জিলাৰ সক্ৰিয় সদস্যৰ লগতে সমাজ কল্যান প্ৰগতি সংঘৰ উপদেষ্টা, বৰনদীপাৰ ৰঙালী বিহুৰ প্ৰাক্তন সভাপতি, শংকৰ মাধৱ আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি, দক্ষিণ কাৱৈমাৰী প্ৰাথমিক শাখাৰ প্ৰাক্তন সভাপতি, বৰনদীঝাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ২০০৯ চনত বৰনদীঝাৰত হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দৰং জিলাৰ বাৰ্ষিক অধিবেশনৰ আদৰণি সমিতিৰো সভাপতিৰ পদ অলংকৃত কৰিছিল। ৰাজবংশীৰ বিয়োগত পশ্চিম দৰংৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে। সমাজকৰ্মী ৰাজবংশীক শংকৰ মাধৱ আঞ্চলিকৰ লগতে অঞ্চলৰ সকলো ৰাইজে শেষ শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, ৪ জন পুত্ৰ, এগৰাকী কন্যা আৰু বহুতো গুণমুগ্ধক এৰি থৈ যায়।