নিউজ ডেস্ক, সংবাদ ৩৬৫, ১২ জানুৱাৰী : “কা”ৰ প্ৰতিবাদৰ মাজতেই এতিয়া ৰাজ্যজুৰি চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি। সকলোৱে ভেলা-মেজি নিৰ্মাণ কৰিছে বিভিন্ন প্ৰতিকী ৰূপত ।

বঙাইগাঁৱৰ বান্নিপাৰাত ভেলা আৰু মেজিঘৰ সাজিছে চন্দ্ৰযান-২ ৰ আৰ্হিত । মেজি-ভেলাঘৰ সজাৰ ব্যস্ততাৰ মাজতে পথাৰ ভৰি পৰিছে পিঠা, লাৰু, টোপোলা ভাতেৰে। ইয়াৰোপৰি ভোগালীৰ উছাহত ককাল ভাঙি নাচিছে জীয়ৰী-বোৱাৰীৰ লগতে ককা- আইতাও।

ইফালে দেৰগাঁওতো এক বিশেষ প্ৰতিকীৰ ৰূপত সাজি উলিয়াইছে ভেলাঘৰ,মেজিঘৰ । বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ লগতে বানগ্ৰস্ত পৰিয়াল, হাতী আৰু মানুহৰ সংঘাত সুন্দৰকৈ ফুটাই তুলিছে এই ভেলাঘৰ আৰু মেজিৰ জৰিয়তে ।