নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ জানুৱাৰী : কিউৰেটিভ পিটিচনৰ ওপৰত মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানি হ’ব নিৰ্ভয়া কাণ্ডৰ দোষী বিনয় আৰু মুকেশ কুমাৰৰ ।

ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ বিৰুদ্ধে । ইয়াৰ পিছত দুই দোষী বিনয় আৰু মুকেশে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে কিউৰেটিভ পিটিচন।

মঙলবাৰে এই পিটিচনৰ ওপৰত শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ, এন ভি ৰমনা, অৰুণ মিশ্ৰ, আৰ এফ নৰিমন, আৰ ভানুমতী আৰু অশোক ভূষণৰ বিচাৰপীঠে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে কিউৰেটিভ পিটিচন হৈছে উচ্চতম ন্যায়ালয়ে দিয়া এক ব্যৱস্থা। এই কিউৰেটিভ পিটিচন ন্যায়িক ব্যৱস্থাত ন্যায় পোৱাৰ শেষ উপায় হিচাপে জনা যায়।