নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ জানুৱাৰী : কিউৰেটিভ পেটিচন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে । ২২জানুৱাৰীৰ পুৱা ৭বজাত চাৰিওটা অপৰাধীক দিয়া হ’ব ফাঁচী।

উল্লেখ্য যে ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছিল নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ বিৰুদ্ধে । ইয়াৰ পিছত দুই দোষী বিনয় আৰু মুকেশে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল কিউৰেটিভ পিটিচন।

মঙলবাৰে পাঁচজনীয়া বিচাৰপীঠে নিৰ্ভয়াৰ দুই অভিযুক্ত বিনয় শৰ্মা আৰু মুকেশ সিঙৰ কিউৰেটিভ পেটিচন খাৰিজ কৰে।

এতিয়া নিৰ্ধাৰিত মতেই তিহাৰ কাৰাগাৰ চৌহদত পুৱা ৭বজাত বিনয় শৰ্মা, মুকেশ সিং, পৱন আৰু অক্ষয়ক ফাঁচী দিয়া হ’ব।