গুৱাহাটী, সংবাদ ৩৬৫, ১৬ মে’ : অতি ব্যস্ত গুৱাহাটী মহানগৰীৰ আৰ জি বি পথৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ সমীপত থকা চেন্ট্ৰেল মলৰ নিচেই কাষতে বুধবাৰে সন্ধিয়া ৭.৫৫ বজাত সংঘটিত হৈছিল এক গ্ৰেণেড বিস্ফোৰণ। এই বিস্ফোৰণৰ ফলত পকী পথটোত সৃষ্টি হৈছিল এটা গাঁতৰ। চেন্ট্ৰেল মলৰ প্ৰৱেশ দ্বাৰৰ পৰা ১০-১৫ ফুট আঁতৰত সংঘটিত এই গ্ৰেণেড বিস্ফোৰণ আছিল অতি শক্তিশালী।

চিৰিয়াখানাৰ সমীপত সংঘটিত গ্ৰেণেড বিস্ফোৰণত আৰক্ষীৰ তথ্য অনুসৰি আহত হৈছে ১২জনকৈ লোক। ইয়াৰে ৩জনৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে সদৰি কৰিছে। এই বিস্ফোৰণ যথেষ্ট শক্তিশালী আছিল বুলি আৰক্ষীয়ে স্বীকাৰ কৰিছে।

বিস্ফোৰণত আহত সকলৰ এখন তালিকা আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই তালিকাত উল্লেখ আছে ১২ জনকৈ লোকৰ নাম।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে বাইকত আহিছিল দুৰ্বৃত্ত। সেই সময়ত বিস্ফোৰণস্থলীৰ পৰা ১০-১৫ ফুট আঁতৰত আৰক্ষীয়ে চলাই আছিল নিয়মীয়া তালাচী। চেন্ট্ৰেল মলৰ সমীপতো আছিল যথেষ্ট ভিৰ। মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জানিবলৈ দিয়া মতে, গ্ৰেণেড দলিয়াই সেই স্থানৰ পৰা পলাই যায় দুৰ্বৃত্তৰ দলটো।

এই বিস্ফোৰণত দুজনকৈ এছ এছ বি জোৱান আহত হৈছে। তেওঁলোক ক্ৰমে- ৰমেশ লাল আৰু অমূল্য লালন। আহতসকলৰ ৫জনক জি এম চি এইচত, ৫জনক কে জি এম টিত আৰু দুজনক নেমকেয়াৰত ভৰ্তি কৰা হয়।

এই বিস্ফোৰণত আহতসকলৰ ৩জনৰ অৱস্থা সংকটজনক। গোলাঘাটৰ ফাৰ্দিন ৰহমানৰ অৱস্থা সংকটজনক। তেওঁৰ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে অস্ত্ৰোপচাৰ। ইতিমধ্যে চিকিৎসালয়ত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই ভ্ৰমণ কৰি সু-চিকিৎসাৰ নিৰ্দেশ দিছে।

এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল ফাৰ্দিন ৰহমান। ২১ বছৰীয়া ফাৰ্দিন ভাতৃৰ সৈতে আহিছিল গুৱাহাটীলৈ। গোলাঘাটৰ কমাৰপট্টিত ঘৰ ফাৰ্দিন আহমেদৰ। ভাতৃয়ে এখন বেডমিন্টনৰ টুৰ্ণামেন্ট খেলিবলৈ গুৱাহাটীলৈ আহি বিস্ফোৰণস্থলীৰ সমীপতে থকা ভাড়াঘৰত আহি থাকিছিল তেওঁলোক। ফাৰ্দিনৰ পিতৃ বিস্ফোৰণস্থলীৰ সমীপত থকা ভূমি সংৰক্ষণ বিভাগৰ কৰ্মচাৰী। চকুত গুৰুতৰভাৱে আহত ফাৰ্দিনৰ হাত আৰু দেহৰ আন অংশৰ পৰা মাংস এৰি গৈছে। সন্ধিয়া বজাৰ কৰিবলৈ ওলাই আহিছিল ফাৰ্দিন।

মহানগৰীৰ এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰা বুলি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই জানিবলৈ দিছে।

বিস্ফোৰণৰ পাছতেই বিস্ফোৰণস্থলীত উপস্থিত হৈছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া। আৰক্ষীয়ে সঞ্চালক প্ৰধানগৰাকীয়ে এই বিস্ফোৰণ কেৱল আলফা স্বাধীন সংঘটিত কৰিছে বুলি ধাৰণা নাৰাখি সমগ্ৰ দিশ খোলা ৰখা বুলি জানিবলৈ দিয়ে। এই সন্দৰ্ভত অনুসন্ধান কৰি অচিৰেই দোষীক কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি দিলে।

চিৰিয়াখানাৰ সমীপত সংঘটিত বিস্ফোৰণত আহত হৈছে পিতৃ-কন্যা। তেওঁলোকে ক্ৰমে- অমৃত খাচাৰ আৰু ৰিয়া খাচাৰ। দুয়োকে প্ৰথমে নেমকেয়াৰত চিকিৎসাধীন কৰা হয়। ইয়াৰে অমৃত খাচাৰে চকুত আঘাত পোৱাৰ বাবে তেওঁক শংকৰদেৱ নেত্ৰালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি চিকিৎসকে জানিবলৈ দিয়ে। ইফালে, ৰিয়া খাচাৰ সামান্য ভাৱে আহত হৈছে। দুয়ো সেই সময়ত ফুটপাথেৰে খোজকাঢ়ি গৈ আছিল।

বিস্ফোৰণৰ পাছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনে বিস্ফোৰণক কঠোৰ ভাষাৰে গৰিহণা দি অচিৰেই দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্রধানক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী সোণোৱালে এই কুটাঘাতমূলক কাৰ্যকলাপ কোনো কাৰণতেই সহ্য কৰা নহ’ব বুলি এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰে।

প্রাথমিক তথ্য অনুসৰি, এই বিস্ফোৰণৰ দৃশ্য চেন্ট্ৰেল মলৰ চিচি টিভি কেমেৰাত বন্দী হৈছে বুলি ভবা হৈছিল যদিও, এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, মহানগৰীৰ এই চেন্ট্ৰেল মলৰ সন্মুখৰ ভাগত নাছিল চিচি টিভি। যাৰ বাবে অভিজাত এই চেন্ট্ৰেল মলৰ সন্মুখত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ কোনো চিচি টিভি দৃশ্য আৰক্ষীৰ হাতত পৰা নাই। উল্লেখযোগ্য যে, চেন্ট্ৰেল মলৰ দুৱাৰমুখতেই সংঘটিত হৈছিল এই বিস্ফোৰণ।

বিস্ফোৰণৰ পাছতেই বিস্ফোৰণস্থলীত উপস্থিত হয়হি ফৰেনচিক আৰু ড’গ স্কোৱাড। তন্ন তন্নকৈ বিস্ফোৰণৰ স্থান পৰ্যবেক্ষণ কৰে দলটোৱে।

এই বিস্ফোৰণৰ পাছতেই বিস্ফোৰণস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী কুইন ওজা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মায়ো বিস্ফোৰণস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ঘটনাস্থলীত উপস্থিত হৈ ববিতা শৰ্মাই এই বিস্ফোৰণক আৰক্ষীৰ ব্যৰ্থতা আখ্যা দিয়ে।

গুৱাহাটী মহানগৰ কিমান সুৰক্ষিত? এই প্ৰশ্ন পুনৰবাৰ উত্থাপন হৈছে। ৰাজ্যৰ ৰাজধানী চহৰখনত হেলাঙেৰে আৰক্ষীৰ সমীপতে গ্ৰেণেড দলিয়াই পলায়ন কৰিলে দুৰ্বৃত্তই। বিস্ফোৰণৰ পাছতেই মহানগৰীৰ জু-ৰোড, চিৰিয়াখানা আদি ঠাইৰ দোকান-পোহাৰ বন্ধ হৈ পৰে। প্ৰায় ১০ বজাত এই পথচোৱা জনশূন্য হৈ পৰিছিল যদিও, গণেশগুৰিৰ পৰা গুৱাহাটী ক্লাবলৈকে নাছিল কোনো আৰক্ষী বা নিৰাপত্তাৰক্ষীৰ তহল।

আৰক্ষীয়ে মানি নল’লেও গুৱাহাটী মহানগৰীত সংঘটিত এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। যদি পৰেশ বৰুৱাৰ দাবী সঁচা হয়, তেন্তে আলফা স্বাধীনৰ সদস্যই এই কুটাঘাত সংঘটিত কৰিছে। চিৰিয়াখানাৰ বিস্ফোৰণৰ পাছত আলফা স্বাধীনৰ কেডাৰে পুনৰ মহানগৰীৰ আন কুটাঘাত সংঘটিত কৰিব পাৰে নেকি? সেই শংকাই চুই গৈছে মহানগৰবাসীক। এই বিস্ফোৰণৰ পাছত আৰক্ষীয়ে মহানগৰীৰ নিৰাপত্তাক লৈ কিদৰে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হৈ পৰিছে এতিয়া লক্ষণীয়।