বজালী, সংবাদ ৩৬৫, ১২ ছেপ্টেম্বৰ: বজালী মহকুমাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া ৰাইজৰ বাবে হৈ পৰিছে এক মৃত্যু উপত্যকা। প্ৰতিদিনে সংঘটিত হৈ আহিছে সৰু বৰ দূৰ্ঘটনা। অকালতে প্ৰাণ হেৰুৱাব লগীয়া হৈছে বিভিন্ন জনে। ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ চূড়ান্ত হেমাহি আৰু পথ নিৰ্মাণকাৰী সংস্হা কুঞ্জ মোহন কনষ্ট্ৰাকচন চমুকৈ কে এম চি নামৰ কোম্পানীটোৰ পথ নিৰ্মাণ কাৰ্যত কৰি অহা বিভিন্ন অনিয়ম, দূৰ্ণীতি আৰু কামৰ শামুকীয়া গতিয়ে সৰ্বস্তৰৰ ৰাইজক জলা কলা খুৱাই আহিছে।সম্প্ৰতি পথৰ মাজত সৃষ্টি হৈছে ফাটৰ। পাঠশালা, পাটাছাৰকুছি,দেনাৰট্টাৰী, ধুমাৰকুৰ,তালতল ভৱানীপুৰ আদি প্ৰায়ভাগ অংশতে নতুনকৈ নিৰ্মাণ কৰা পথৰ মাজত পৰিলক্ষিত হৈছে চিৰাল ফাটবোৰ। ইয়াৰ উপৰি পথচোৱাৰ ভিন্ন স্হানত সৃষ্টি হৈছে সৰু বৰ বহু গাতৰ। মহকুমাটোৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাটাছাৰকুছি বেজকুচিৰ পৰা কালঝাৰলৈ ২৭.২ কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱা কে এম চি নামৰ পথ নিৰ্মাণকাৰী সংস্হাটোৱে ফৰলেন যুক্ত কৰাৰ বাবে দায়িত্ব লাভ কৰি ২০০৫ বৰ্ষতে পথচোৱাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও,আজি ১৪ বছৰ অতিক্ৰম কৰাৰ পিছতো পথচোৱাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল। যাৰ পৰিনতিত পথটোত সদায়ে সংঘটিত হৈ আহিছে দূৰ্ঘটনা। মৃত্যু হৈছে শ শ লোকৰ। যুৱ ছাত্ৰ পৰিষদে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ বাবে কে এম চি সোণৰ কণী দিয়া হাহ বুলি মন্তব্য কৰিছে। পথছোৱা নিৰ্মাণৰ বাবে  দুশ কোটি টকা আবন্টন পোৱা কে এম চিয়ে চাৰিখন দলং আৰু এখন ৰেলৱে অভাৰ ব্ৰীজৰ কাম আজিলৈ সম্পূৰ্ণ কৰি উলিয়াব নোৱাৰাৰ বাবেই ৰাষ্ট্ৰীয়, ঘাইপথটোৰ পাটাছাৰকুছিৰ পৰা ভৱানীপুৰলৈ প্ৰায় ১৬ কিলোমিটাৰ পথচোৱাত প্ৰতিদিনে ভয়াবহ যান জট সৃষ্টি হোৱাৰ উপৰি একমাত্ৰ পাঠশালাৰ তালতলৰ নিৰ্মিয়মাণ এই  ৰেলৱে অভাৰ ব্ৰীজত ঠায়ে ঠায়ে আবদ্ধ হৈ পৰা দেখা গৈছে বৰষুনৰ পানীৰ ডোঙা। দুশ কোটিৰ পৰা ২৬৭ কোটি টকালৈ ধনৰাশি বৃদ্ধি কৰাৰ পিছতো ব্যাপক দূৰ্ণীতিৰে নিৰ্মাণ কাৰ্য চলাই থকা এই কে এম চি ৰ বিৰুদ্ধে ৰাইজ সৰব হৈ উঠিছে।