শ্বাহনাৱাজ সহয়োগত ইমৰান আলী

ডিব্ৰুগড

৪ জুন

ডিব্ৰুগড়ৰৰ ইলাহীপট্টিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শ্বেইখৰ ড্ৰাগছৰ সাম্ৰাজ্য ৰূপে খ্যাত ইলাহীপট্টীত বিশাল আৰক্ষী বাহিনী আৰু চি আৰ পি এফৰ অভিযান। প্ৰায় ডেৰ ঘণ্টা সময় অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগদ ধন। অভিযানত ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত থাকৰ অভিযোগত গ্ৰেপ্তাৰ ৪ গৰাকী মহিলা।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰ গতিত অব্যাহত আছে। উজনিৰ পৰা নামনিলৈকে ড্ৰাগছ বিৰোধী অভিযান চলাই ইতিমধ্যে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো ড্ৰাগছ মাফিয়াক। এইবাৰ অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলিল ডিব্ৰুগড় জিলাৰ ড্ৰাগছ ঘাটি হিচাপে প্ৰায় তিনিটা যুগ ধৰি পৰিচিত কালিবাৰিত। এসময়ৰ কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শ্বেইখৰ সাম্ৰাজ্য ৰূপে খ্যাত ইলাহীপট্টীত বিশাল আৰক্ষী বাহিনী আৰু চি আৰ পি এফ বাহিনীয়ে চলায় ড্ৰাগছ বিৰোধী অভিযান।

ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক স্বেতাংক মিশ্ৰাৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ এটা বৃহৎ দলে বৃহস্পতিবাৰে নিশা অভিযান চলায়। প্ৰায় ডেৰ ঘন্টা সময় ধৰি অভিযান চলাই আৰক্ষীয়ে ৬০০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা লগতে নগদ ৬২ হেজাৰ টকা আৰু বহু লাখ টকাৰ সোণৰ অলংকাৰ জব্দ কৰে। এসময়ৰ উজনী অসমৰ ড্ৰাগছ বেহাৰ সম্ৰাট তথা মাফিয়া ইলাহী শ্বেইখৰ ঘণিষ্ঠ ৰূপে পৰিচিত আব্দুল কৰিম ওৰফে বাবুসহ ৪ গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইলাহীৰ কালিবাৰিৰ গৃহৰ নিচেই কাষতে থকা আব্দুল কৰিম ওৰফে বাবুৰ গৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫০ লাখ টকাৰো অধিক হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শ্বেইখৰ কালিবাৰিৰ ড্ৰাগছৰ ক’লা সাম্ৰাজ্যত এতিয়াও বহু লোকে ড্ৰাগছ ৰমৰমীয়া বেহা চলাই থাকৰ অভিযোগ আছে। কালিবাৰিৰ পৰাই চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডলৈও ড্ৰাগছ সৰবৰাহ হয় বুলি জানিব পৰা গৈছে। এটা