গুৱাহাটী

২৮ ছেপ্টেম্বৰ

দেশজুৰি অব্যাহত আছে কৃষি বিলৰ বিৰুদ্ধে প্ৰতিবাদ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো বিভিন্ন দল-সংগঠনে চলাই গৈছে প্ৰতিবাদ। মহানগৰীৰ গুৱাহাটীৰ চচলত প্ৰদেশ কংগ্ৰেছৰ কৃষি বিল বিৰোধী বিশাল প্ৰতিবাদী কাৰ্যসূচী।

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষি বিলৰ বিৰুদ্ধে দেশজুৰি উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ মাজতে সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সভাপতি ৰিপুন বৰাৰ নেতৃত্বত মহানগৰীৰ গুৱাহাটীৰ চচলত কৃষি বিলৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ৰিপুন বৰাৰ নেতৃত্বত প্ৰায় তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে চচলত কৃষি বিলৰ বিৰোধিতা কৰি মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কংগ্ৰেছ কর্মী সকলে কৃষিকে কান্দিছে নৰেন্দ্ৰ মোদীয়ে হাঁহিছে, কৃষক বিৰোধী বিজেপি চৰকাৰ মূর্দাবাদ, আহ ঐ আহ ওলাই অহা খেদ ঐ খেদ কৃষক বিৰোধী বিজেপিক খেদ, কৃষক বিৰোধী কলা আইন বাতিক কৰক আদি বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে চচলৰ আকাশ-বতাহ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰৰ কৃষি বিলক কৃষক বিৰোধী বিল আখ্যা দি তিনিওখন কলা বিলক অতি এই বাতিল কৰাৰ দাবী জনায়। নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখন কৃষক বিৰোধী চৰকাৰ। এই চৰকাৰখনে কেৱল পুঁজিপতিৰ স্বাৰ্থতে কাম কৰে বুলি ক্ষোভ উজাৰি প্ৰতিবাদকাৰী সকলে কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। ইয়াৰ পিছতে কৃষি বিল কেইখন বাতিল কৰাৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলে ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এক স্মাৰক প্ৰত্ৰও প্ৰেৰণ কৰে।

উল্লেখ্য যে কেন্দ্ৰ চৰকাৰৰ কৃষি বিলৰ বিৰুদ্ধে বিগত কিছুদিন ধৰি সমগ্ৰ দেশতে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। বিভিন্ন কৃষক সংগঠনে কৃষি বিলৰ বিৰোধিতা কৰাৰ লগতে কংগ্ৰেছ দলেও কৃষি বিলৰ বিৰোধিতা কৰিছে। সোমবাৰে কৃষি বিলৰ বিৰুদ্ধে দিল্লীৰ ইণ্ডিয়া গেটৰ সন্মুখত প্ৰতিবাদকাৰী সকলে এখন ট্ৰেক্টৰত অগ্নি সংযোগ কৰি কৃষি বিল বাতিলৰ দাবী জনায়।