নিউজ ডেস্ক

২৮ ছেপ্টেম্বৰ

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ কৃষি বিলৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। সোমবাৰে কৃষি বিলৰ বিৰোধিতা কৰি দিল্লীৰ ইণ্ডিয়া গেটত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ট্ৰেক্টৰ। ট্ৰেক্টৰত অগ্নি সংযোগ কৰা ৫ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে।

নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষি বিলৰ বিৰুদ্ধে দেশৰ কৃষক সকল এতিয়া ৰাজপথত। কৃষি বিলৰ বিৰোধিতা কৰি দেশজুৰি কেইবাটাও কৃষি সংগঠনে বিগত কেইবাদিন ধৰি প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে সোমবাৰে দেশৰ ৰাজধানী দিল্লীৰ ইণ্ডিয়া গেটত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা কৃষক সকলৰ কৃষি বিলৰ বিৰোধিতা কৰি এখন ট্রেক্টৰত অগ্নি সংযোগ কৰে। টেক্টৰত অগ্নি সংযোগ কৰাৰ অপৰাধনত আৰক্ষীয়ে ৫ জনকৈ লোকক আটক কৰিছে। আৰক্ষীয়ে আটক কৰা লোক সকলক হৈছে ক্ৰমে মঞ্জিত সিঙ, ৰমণদ্বীপ সিঙ সিন্ধু, ৰাহুল, সুমিত আৰু সাহিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পুৱাৰ ভাগত কৃষি বিলৰ বিৰোধিতা কৰি কিছু সংখ্যক লোক ইণ্ডিয়া গেটৰ সন্মুখত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই লোক সকলে এখন পুৰণি ট্রেক্টৰ লগত লৈ আহি ট্রেক্টৰত অগ্নি সংযোগ কৰিছিল। কৃষি বিলৰ বিৰুদ্ধে এই সকল প্ৰতিবাদকাৰীয়ে বিভিন্ন চৰকাৰক বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তুলিছিল।

আৰক্ষীয়ে আটক কৰা সকলো লোক পাঞ্জাৱৰ বাসিন্ধা বুকি জানিব পৰা গৈছে। ট্রেক্টৰ জ্বলাই দিয়াৰ সমগ্ৰ ঘটনাৰ ভিডিঅ’ পাঞ্জাৱ ইউথ কংগ্ৰেছৰ পেজত লাইভ কৰা হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰা লোক সকলৰ কংগ্ৰেছ কর্মী বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ঘটনাৰ লগত জড়িত ৫ জন লোকক আটক কৰাৰ লগতে এখন ইনভা বাহনো জব্দ কৰা হৈছে।