গোৱালপাৰা, সংবাদ ৩৬৫, ৯ মেঃ গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত চোৰাং কাঠ ব্যৱসায়ৰ লগত জড়িত একাংশ লোকে অসম মেঘালয় সীমান্তৰ পৰা কাঠ সংগ্ৰহ কৰি চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ উত্থাপিত হৈ থকা সময়তে বুধবাৰে কৃষ্ণাইত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগে তীব্ৰ অভিযান চলায়৷ বুধবাৰে পুৱতি নিশা কৃষ্ণাই মধ্য আঞ্চলিক বন বিভাগৰ বনকৰ্মী সকলে এক গোপন সূত্ৰৰ পম খেদি পাইকান তুৰা ৰাষ্ট্রীয় ঘাইপথত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই এখন কাঠভৰ্তি পিকআপ ভেন জব্দ কৰিবলৈ সক্ষম হয়। কাঠভৰ্তি পিকআপ ভেনখন মেঘালয়ৰ পৰা তুৰা পাইকান পথহৈ গোৱালপাৰা অভিমূখে আহি থকা সময়তে বনকৰ্মী সকলে তুৰা পাইকান ঘাইপথৰ বৰমোহৰাত কাঠভৰ্তি গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় যদিও গাড়ীখনৰ চালক আৰু চোৰাং কাঠ ব্যৱসায়ী সকলে পথৰ ওপৰতে গাড়ীখন এৰি পলায়ণ কৰে৷ এএছ-১৮চি-৪৮৩১ নম্বৰৰ গাড়ী খনত বনকৰ্মীয়ে জব্দ কৰা কাঠৰ বজাৰ মূল্য প্ৰায় ৬০ হেজাৰ টকাৰ হব বুলি জানিব পৰা গৈছে৷