গুৱাহাটী

২ ছেপ্টেম্বৰ

অসম বিধানসভাৰ বৰ্ষাকালীন অধিবেশনৰ তৃতীয় দিনা লাষ্ট গেটত কেইবাটাও দাবী লৈ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ধৰ্মঘটস্থলীৰ পৰা মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবী সন্নিবিষ্ট স্মাৰকপত্ৰ প্ৰেৰণ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ।

অসম বিধানসভাৰ বৰ্ষাকালীন অধিবেশন চলি থকাৰ মাজতে বুধবাৰে দিছপুৰ লাষ্ট গেটত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে। অসমত বসবাস কৰা জনজাতীয় আৰু খিলঞ্জীয়া মূলৰ ইছলামধৰ্মীয় গৰিয়া-মৰিয়া-দেশী আদি ভূমিপুত্ৰ জনগোষ্টীসমূহক জনগোষ্টীয় মৰ্যাদা প্ৰদান আৰু সুকীয়া পৰিচয়েৰে চিনাক্ত কৰিবলৈ সুকীয়া জৰীপ অনুষ্ঠিত কৰি বিশেষ সাংবিধানিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰাৰ দাবী জনায়।

ইয়াৰ সমান্তৰালে ২০১৯-২০ বর্ষৰ অসম বিধানসভাৰ বাজেটত ঘোষণা কৰা ‘উন্নয়ন কৰ্পৰেচন’ স্থাপন কৰা আৰু ঘোষিত নিৰ্দিষ্ট পেকেজেৰে গৰিয়া-মৰিয়া-দেশী আদি ইছলামধৰ্মীয় লোক সকলৰ অৰ্থ-সামাজিক উন্নয়ন, স্ব-নিয়োজন আঁচনি ৰূপায়ন কৰাৰ লগতে শীঘ্ৰে সুকীয়া জৰীপ কৰাৰ ব্যৱস্থা কৰা। সংসদীয় ৰাজনীতিত গৰিয়া-মৰিয়া-দেশী আদি ইছলামধৰ্মীয় লোকৰ অধিকাৰৰ হেতুকে লোকসভা, ৰাজ্যসভা আৰু বিধানসভাৰ লগতে পঞ্চায়ত, নিকায় আৰু নিগমত গৰিয়া-মৰিয়া-দেশী আদি ইছলামধৰ্মীয় লোকৰ বাবে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা। অবিভক্ত গোৱালপাৰা জিলাত স্থায়ীভাৱে বসবাস কৰি থকা ভূমিপুত্ৰ গৰিয়া-মৰিয়া-দেশী সকলক চৰকাৰৰ প্ৰস্তাৱিত শেহতীয়াকৈ গঠনৰ দিশে আগবঢ়া ‘কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত পৰিষদীয় আসন সংৰক্ষণ কৰাৰ লগতে ৰাজনৈতিক, শৈক্ষিক, ভূমি আৰু সাংস্কৃতিক অধিকাৰৰ লগতে সুকীয়া পৰিচয় অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠী কেইটাৰ সকলো অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনায়।

বি টি এ ডিত বসবাস কৰা গৰিয়া-মৰিয়া-দেশী জনগোষ্টী কেইটাৰ নাগৰিকক জনগোষ্ঠীয় পৰিচয় প্ৰদান কৰাৰ আৰু উন্নয়ন পৰিষদ গঠন কৰি অৰ্থ-সামাজিক উন্নয়ন কৰাৰ লগতে গৰিয়া-মৰিয়া উন্নয়ন পৰিষদক পুঁজি আবন্টন দি কাৰ্যকৰী কৰি শীঘ্ৰে দেশী উন্নয়ন পৰিষদ ঘোষণা কৰাৰ দাবীও জনায়।