গুৱাহাটী, সংবাদ ৩৬৫, ২১ মাৰ্চ : কৃত্ৰিম নাটনি আৰু ক’লা বজাৰ ৰোধৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰণালয়ে হেণ্ড ছেনিটাইজাৰ আৰু মাস্কৰ মূল্য নিৰ্ধাৰণ কৰি দিছে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰাম বিলাস পাছোৱানে শুকুৰবাৰে এক নিৰ্দেশ যোগে এই সামগ্ৰী দুবিধৰ মূল্য নিৰ্ধাৰণ কৰি দিয়ে।

নিৰ্ধাৰিত মূল্য অনুসৰি ২০০ এম এল হেণ্ড ছেনিটাইজাৰ বটলৰ খুচুৰা মূল্য ১০০ টকাতকৈ অধিক মূল্যত বিক্ৰী কৰিব নোৱাৰিব। অন্যান্য আকাৰৰ হেণ্ড ছেনিটাইজাৰ বটলৰ খুচুৰা মূল্যও সেই অনুপাতত বিক্ৰী কৰিব লাগিব। এই মূল্য সমগ্ৰ দেশতে ৩০ জুন পৰ্য্যন্ত কাৰ্যকৰী হৈ থাকিব। অত্যাবশ্যকীয় সামগ্ৰী আইনৰ অধীনত ২ আৰু ৩ তৰপীয়া মাস্কত ব্যৱহাৰ হোৱা সামগ্ৰীৰ মূল্য চলিত বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত যিটো আছিল বৰ্তমানো সেইটোৱে থাকিব। ২ তৰপীয়া মাস্কৰ খুচুৰা মূল্য ৮ টকা আৰু ৩ তৰপীয়া মাস্ক খুচুৰা বজাৰত ১০ টকাতকৈ অধিক মূল্যত বিক্ৰী কৰিব নোৱাৰিব। কনজিউমাছ লিগেল প্রটেক্টশ্বন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই এই তথ্য সদৰী কৰি কয় যে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা বিভাগে ইতিমধ্যে হেণ্ড ছেনিটাইজাৰ আৰু এন ৯৫ মাস্কক অত্যাবশ্যকীয় সামগ্ৰী আইন ১৯৫৫ ৰ অধীনত অত্যাবশ্যকীয় সামগ্ৰী হিচাপে ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী পাছোৱানে লগতে নিৰ্দেশটোত স্পষ্ট কৰি দিয়ে যে, কৰ’ণা ভাইৰাছ সংক্ৰমণৰ পিছৰে পৰা বজাৰত বিভিন্ন প্ৰকাৰৰ মাস্ক আৰু ইয়াক প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু ছেনিটাইজাৰ মূল্য অস্বাভাৱিক ভাবে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। সেয়া কেন্দ্ৰীয় চৰকাৰে এই সামগ্ৰী দুবিধৰ মূল্য নিৰ্ধাৰণ কৰি দিছে।

ফৰামৰ সচিব অধিবক্তা হাজৰিকাই গ্ৰাহক পৰিক্ৰমা বিভাগৰ এই নিৰ্দেশ অসমতো কঠোৰ ভাবে কাৰ্যকৰী কৰি ৰাজ্যৰ প্ৰতিগৰাকী লোকে যাতে উচিত মূল্যত হেণ্ড ছেনিটাইজাৰ আৰু মাস্ক ক্ৰয় কৰিব পাৰে সেইটো নিশ্চিত কৰিবলৈ প্ৰশাসনক দাবী জনায়।