নগাঁও, সংবাদ ৩৬৫, ৮ মেঃ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গােহাঁইৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ নগাঁও জিলাৰ ডবকা আৰু চামগুৰিত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে৷ ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোঁহাইৰ প্ৰতিকৃতি দাহ কৰি আছুৱে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে৷ উল্লেখ্য যে, সোমবাৰে খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিয়ে শুনানি অনুষ্ঠিত কৰি থকাৰ সময়তে মন্ত্ৰীগৰাকীয়ে বিধেয়ক খনৰ সমৰ্থন কৰিছিল৷ ৰাজেন গোহাঁয়ে আমি হিন্দু বাংলাদেশীক সুৰক্ষা দিছো, তেওঁলোকে আমাক নিৰ্বাচনৰ সময়ত সহায় কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰিছিল। আইনখনৰ বিৰোধিতা কৰা সকলক বৰাকত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ বাবে আন্দোলন কৰক বুলি প্ৰত্যাহ্বান জনাইছিল মন্ত্ৰী গৰাকীয়ে। মন্ত্ৰী গৰাকীৰ এনে মন্তব্যত ক্ষোভিত হৈ পৰে ছাত্ৰ সন্থা। ৰাজেন গোহাঁইক জাতিদ্ৰোহী আখ্যা দি এনে মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে সংগঠনটোৱে। মঙলবাৰে ৰাজেন গোঁহাই মুৰ্দাবাদ ধ্বনিৰে প্ৰথমে ডবকাত আৰু তাৰ পিছত চামগুৰিত আছুৱে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ প্ৰতিকৃতি দাহ কৰি প্ৰধানমন্ত্ৰী মূর্দাবাদ, মুখ্যমন্ত্ৰী মূর্দাবাদ শ্ল’গান দি নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰা কাৰ্যৰ বাবে মন্ত্ৰীগৰাকীক ধিক্কাৰ দিয়ে ছাত্ৰ সন্থাই। চামগুৰি আঞ্চলিক ছাত্ৰ সংন্থাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ কপি দাহ কৰে। আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ঢেকিয়াজুলিতো পথ অৱৰোধ কৰে চাহ জনজাতি ছাত্ৰ সন্থাই৷