নামৰূপ, সংবাদ ৩৬৫, ৪ আগষ্টঃ নামঘৰৰ পিছতব এইবাৰ নামৰূপ মছজিদত আছুৰ দলে ভাগ ললে সমূহীয়া দোৱাত৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শুমতি বিচাৰি শুক্ৰবাৰে নামৰূপ মছজিদত দোৱা মাগিলে নামৰূপ আছুৱে৷ পাঞ্জাৱী টুপি পৰিধান কৰি ডিঙিত গামোচা লৈ নামৰূপ জামে মছজিদত নেদেখাজনৰ ওচৰত দোৱা মাগি চৰকাৰৰ শুমতি বিচাৰিলে ছাত্ৰ সন্থাৰ কৰ্ম্মীয়ে৷ উল্লেখযোগ্য যে ২০০৬ চনতে তেতিয়াৰ সাৰ মন্ত্ৰী ৰাম বিলাশ প্ৰাছোৱানে চতুৰ্থ গোটটো নিমাৰ্ণ কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু বৰ্ত্তমান সময়ত সেয়াও ফুটুকাৰ ফেনত পৰিণত হল৷ কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থগোট স্থাপনৰ কথা ঘোষণা কৰা আজি ১৩ টা বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো আজি পৰ্যন্ত সাৰকাৰখানাৰ চতুৰ্থ গোটটো নিমাৰ্ণ কাৰ্য সম্পূৰ্ণ নহল যাৰ বাবে প্ৰতাৰণাৰ ১৩ বছৰ অতিক্ৰম কৰাত নামৰূপৰ জামে মছজিদত সদলবলে উপস্থিতিত হৈ এইদৰে ৰাজহুৱা দোৱা মাগি চৰকাৰৰ শুমতি বিচাৰিলে ছাত্ৰ সন্থাৰ কৰ্ম্মী সকলে৷ নামৰূপ সাৰকাৰখানাৰ চতুৰ্থগোটটো স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ এই লাভ জনক উদ্যোগটোক মাহী আইৰ দৃষ্টিৰে চোৱাৰ বাহিৰে আজি কোপতি চতুৰ্থ গোটটো নিমাৰ্ণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰত্ব প্ৰদান নকৰিলে। আনহাতেদি মৃতপ্ৰায় এই সাৰ কাৰখানাটোক পুনৰ জীয়াই তুলিবলৈ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই নামৰূপ নগৰৰ বিভিন্ন প্ৰান্তৰৰ পৰা ১০ হাজাৰ লোকৰ স্মাৰক পত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰিব ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেদ্ৰ মোডীলৈ । উল্লেখযোগ্য যে যদিহে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতি শীঘ্ৰে সাৰকাৰখানাটোৰ চতুৰ্থ গোটটো নিমাৰ্ণ নকৰে তেন্তে এটা সময় আহিব নিষ্ঠুৰ বাস্তৱৰ ওচৰত নিৰৱে চকুলো টুকিব নামৰূপ সাৰকাৰখানাই৷