কোকৰাঝাৰ,সংবাদ ৩৬৫, ৫ আগষ্টঃ যোৱা ২০১৫ চনৰ ৫ আগষ্টৰ দিনটোত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দতমাত ইউনাইটেড পিপুল্স পাৰ্টি লিবাৰেল চমুকৈ উৰ্খাওগৌৰা ব্ৰহ্মৰ নেতৃত্বত ইউ পি পি এল দলে জন্ম লাভ কৰি ২০১৬ চনৰ বি টি চি নিৰ্বাচনত বিভিন্ন সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰি মুঠ ৭জন পৰিষদীয় সদস্য বিজয়ী হবলৈ সক্ষম হৈছিল৷ সেই উপলক্ষে ৰবিবাৰে ইউ পি পি এল দলে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে  তৃতীয় প্ৰতিষ্ঠা দিৱস৷এই অনুষ্ঠানত  মুখ্য অতিথি হিচাপে ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা দলৰ সভাপতি উৰ্খাওগৌৰা ব্ৰহ্ম উপস্থিত থাকে৷ ব্ৰহ্মই কয় যে দলৰ সভাপতিয়ে দলক জন্ম লাভ কৰা পিচৰ পৰাই আজিলৈকে সহায় সহযোগিতা কৰি অহা সকললৈ ধন্যবাদ জনাই অহা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বি টি চি আৰু বি টি চিৰ বাহিৰতো দুটাকৈ লোকসভা সমষ্টিত ইউ পি পি এল দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ৰাজনৈতিক বিস্ফোৰণ ঘটাই৷ বৰ্তমান শাসনধিস্থ কৰা বি পি এফ আৰু বি জে পিৰ বিৰুদ্ধে যুঁজ দিব কাৰণে সাজু হৈছে আৰু বৰ্তমান কোনো ৰাজনৈতিক দলৰ সৈতে লগ হোৱাৰ কথা ই উ পি পি এল দলে চিন্তা চৰ্চা কৰা নাই বুলি কয়৷ তাৰোপৰি বৰ্তমানৰ বহু চৰ্চিত এন আৰ চিৰ চুৰান্ত খচৰাত প্ৰকৃত নাগৰিকে যাতে নাম বাদ পৰি নাযায় সেই স্পৰ্শকাতৰ বিষয়ৰ ওপৰত নজৰ দিবলৈ চৰকাৰক আহ্বান জনায় ব্ৰহ্মই৷