গুৱাহাটী

২৬

কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বুধবাৰে কভিড পজিটিভ বুলি টুইট যোগে প্ৰকাশ কৰিলে প্রাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। বিগত কিছুদিন ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্পৰ্শলৈ অহা লোক সকলক কভিড টেষ্ট কৰিবলৈ আহ্বান তৰুণ গগৈৰ।

ৰাজ্যত ক্ৰমাৎ ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। প্ৰতিদিনে নতুন নতুন লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি। এইবাৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আক্রান্ত হৈছে কৰ’ণা ভাইৰাছত। বুধবাৰে পুৱাৰ ভাগত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কভিড পজিটিভ বুলি টুইট যোগে প্ৰকাশ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বিগত সময়ছোৱাত তেওঁৰ স্পৰ্শলৈ অহা সকলো লোককে কভিড টেষ্ট কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে বিগত কিছুদিন ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও সভাত অংশগ্ৰহণ কৰিছিল।

মঙলবাৰে নিশাৰ ভাগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কভিড টেষ্টৰ ফলাফল আহিছিল। কিছুদিন পূৰ্বে আৰক্ষী সঞ্চলক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু কৰ’ণা ভাইৰাছত আক্রান্ত হৈছিল।