নিউজ ডেস্ক

২৫ ছেপ্টেম্বৰ

কৰ’ণাত আক্রান্ত হৈ বিখ্যাত গায়ক এছ পি বালাসুব্ৰমণিয়ামৰ নিধন। চিন্নাইৰ এক ব্যক্তিগত চিকিৎসালয়ত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে বিখ্যাত গায়ক গৰাকীয়ে। দুমাহ পূৰ্বৰ কৰ’ণাত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল গায়ক এছ পি বালাসুব্ৰমণিয়াম।

দক্ষিণ ভাৰতীয় ছবিৰ লগতে কেইবাখনো চুপাৰ হিট হিন্দী ছবিত কণ্ঠদান কৰা বিখ্যাত গায়ক এছ পি বালাসুব্ৰমণিয়াম শুকুৰবাৰে চেন্নাইৰ এক ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দুমাহ পূৰ্বে গায়ক এছ পি বালাসুব্ৰমণিয়াম কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাত গায়ক গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। যোৱা ১৩ ছেপ্টেম্বৰ তাৰিখে গায়ক গৰাকীৰ স্বাস্থ্যৰ অধিক ঘটিছিল। বিখ্যাত গায়ক গৰাকীৰ মৃত্যুৰ খবৰে ভাৰতীয় ছবি জগতৰ লগতে সংগীত জগতত শোকৰ ছাঁ পেলাইছে।

দক্ষিণ ভাৰতৰ গায়ক গৰাকীয়ে ১৬ টা ভাষাত প্ৰায় ৪০ হাজাৰ গীতত কণ্ঠদান কৰিছে। ১৯৮১ চনত কালাম হাচান আৰু ৰতি অগ্নিহোত্ৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা ‘এক দুজে কে লিয়ে’ নামৰ হিন্দী ছবিখনত এছ পি বালাসুব্ৰমণিয়াম প্ৰথমে হিন্দী ভাষাত কণ্ঠদনা কৰিছিল। ‘এক দুজে কে লিয়ে’ নামৰ ছবিখনৰ গীত সমূহ জনপ্ৰিয় হৈছিল যদিও চলমান খানৰ ‘মেইনে পিয়াৰ কিয়া’ ছবিখনত এছ পি বালাসুব্ৰমণিয়ামে কণ্ঠদান কৰা গীত সমূহৰ জৰিয়তে গায়ক গৰাকীয়ে অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

‘মেইনে পিয়াৰ কিয়া’ ছবিৰ গীত সমূহৰ সফলতাৰ পিছতে এছ পি বালাসুব্ৰমণিয়াম অভিনেতা চলমান খানৰ কণ্ঠ হৈ পৰিছিল আৰু এটাৰ পিছত আনটো চলমান খান অভিনীত ছবিত গায়ক গৰাকীয়ে কণ্ঠদান কৰিছিল। চলমান খানৰ বাবে গায়ক এছ পি বালাসুব্ৰমণিয়ামে কেইবাটোৱে চুপাৰ হিট গীত গাইছে যদিও ‘মেইনে পিয়াৰ কিয়া’, ‘হম আপকে হাই কৌন’, ‘কুৰবান’ ‘ল’ব’ ‘বাগী’ আদি ছবিৰ গীত আজিও জনপ্ৰিয় হৈ আছে। কৰ’ণাত আক্রান্ত হৈ শুকুৰবাৰে ৭৪ বছৰ বয়সত চিৰদিনৰ বাবে স্তব্ধ হৈ গ’ল বিখ্যাত গায়ক গৰাকীৰ কণ্ঠ।