খাৰুপেটিয়া, সংবাদ ৩৬৫, ১২ জানুৱাৰী: দৰঙ জিলাৰ ধুলা থানাৰ অন্তৰ্গত নিজ খাৰুপেটিয়া গাঁৱত খেতি পথাৰত বন চাফা কৰাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত কাজিয়াৰ সুত্ৰপাত হয়। একেখন গাঁৱৰ মইদান আলী নামৰ নিৰীহ ব্যক্তিজনক আম্বাজ আলীয়ে তেওঁৰ খেতিত বন চাফা কৰিব লাগে বুলি ষড়যন্ত্ৰ মুলকভাৱে পুত্ৰৰ হতোৱাই মাতি লৈ যায় । দুয়ো একেলগে সিহঁতৰ মটৰ মাহৰ খেতিত বন চাফা কৰি থকাৰ সময়তে পূৰ্ব পৰিকল্পিতভাৱে আম্বাজ আলী আৰু পৰিয়ালৰ ১১ জনীয়া দল এটাই আহি মইদান আলীৰ মুৰত বাহেৰে আক্ৰমণ কৰি আহত কৰে। ফলত মইদান আলীয়ে চিঞৰ বাখৰ কৰাত গাঁৱৰ কেইজনমান মহিলাই আগবাঢ়ি যোৱাত সিহতকো আক্ৰমণ কৰি গুৰুতৰ ভাৱে জখম কৰে দুৰ্বৃত্তৰ দলটোৱে । দুৰ্বৃত্তৰ আক্ৰমণত পুৰুষৰ লগতে কেইবাজনো মহিলা আহত হয় । সেই সম্পৰ্কে শুক্ৰবাৰে দুৰ্বৃত্ত দলটোৰ বিৰুদ্ধে ধুলা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাত দুৰ্বৃত্তৰ দলটোৱে শনিবাৰে পুৱাৰ ভাগতে হাতে হাতে লাঠি জোং, দা, কুঠাৰ লৈ আক্ৰমণ কৰিবলৈ আহে আৰু প্ৰাণে মাৰাৰ ভাবুকি দি যায়। সম্প্ৰতি নিৰাপত্তা হীনতাত ভুগিছে উক্ত গাঁৱৰ দৰিদ্ৰ পৰিয়ালটোৱে।