খাৰুপেটীয়া, সংবাদ ৩৬৫, ১২ মাৰ্চঃ দৰং জিলাৰ খাৰুপেটীয়া হাস্পাতাল ৰোডত অৱস্থিত কলনীত খাৰুপেটীয়া প্রাথমিক স্বাস্থ্য কেন্দ্রৰ চিকিৎসক নাৰ্চৰ চৰকাৰী আৱাস গৃহত সোমবাৰে এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত দুজন অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান অগ্নিদগ্ধ হোৱাৰ লগতে প্রায় লক্ষাধিক টকাৰ সা সামগ্রী ভস্মীভূত হয়। জানিব পৰা মতে, খাৰুপেটীয়া প্রাথমিক স্বাস্থ্য কেন্দ্রত কৰ্মৰত মিনাৰা বেগম নামৰ নাৰ্চ এগৰাকীৰ চৰকাৰী আৱাস গৃহৰ পৰা দিনৰ প্রায় ১ বজাত এই অগ্নিকাণ্ড সুত্রপাত হৈ জাহানাৰা বেগম নামৰ আন এগৰাকী নাৰ্চৰ আৱাস গৃহলৈ বিয়পি পৰে। স্থানীয় ৰাইজে খাৰুপেটীয়া আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনৰ দল ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাক বাহিনীৰ জোৱান সকলে অগ্নি নুমাবলৈ প্রচেষ্টা কৰোতে আৱাস গৃহত থকা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ নলবাৰী জিলাৰ ধমধমাৰ নিবাসী প্রমোদ তালুকদাৰ আৰু গোৰেশ্বৰৰ ৰাজু বড়ো নামৰ দুজন অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান অগ্নিদগ্ধ হয়। অগ্নিদগ্ধ হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান দুজনক খাৰুপেটীয়া প্রাথমিক স্বাস্থ্য কেন্দ্রত ভৰ্তি কৰোৱা হয়। খাৰুপেটীয়া আৰু মঙ্গলদৈৰ চাৰিখনকৈ অগ্নিনিৰ্বাপক বীহিনীৰ গাড়ীয়ে প্রায় ২ ঘন্টা সময় কঠোৰ প্রচেষ্টা কৰি জুই নুমােৱাবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডত এখন বাইক আৰু চাইকেলৰ লগতে প্রায় লক্ষাধিক টকাৰ সাসামগ্রী ভস্মীভূত হয়।