গুৱাহাটী, সংবাদ ৩৬৫, ১৩ জানুৱাৰী : খেলো ইণ্ডিয়া য়ুথ গেইমছৰ পদকৰ তালিকাত সোমবাৰে শীৰ্ষস্থান দখল কৰিলে হাৰিয়ানাই। দ্বিতীয় স্থানলৈ অৱনতি ঘটিল শনিবাৰে আৰু দেওবাৰে শীৰ্ষত থকা মহাৰাষ্ট্ৰৰ। দিল্লী দেওবাৰৰ দ্বিতীয় স্থানৰ পৰা তৃতীয় স্থানলৈ নামি অহাৰ পৰিবৰ্তে পদকৰ তালিকাত আগুৱাই আহিছে অসম।

তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছৰ সোমবাৰৰ দিনটোৰ খেলৰ অন্তত পদক তালিকাত শীর্ষস্থান দখল কৰিছে হাৰিয়ানাই। শনিবাৰে আৰু দেওবাৰে মহাৰাষ্ট্ৰৰ খেলুৱৈ সকলৰ উন্নত প্ৰদৰ্শনৰ ফলত মহাৰাষ্ট্ৰই শীর্ষস্থান দখল কৰি আছিল যদিও সোমবাৰে হাৰিয়ানাৰ খেলুৱৈ সকলে পদকৰ তালিকাৰ শীৰ্ষ স্থানৰ পৰা মহাৰাষ্ট্ৰক আঁতৰাই শীর্ষ স্থান হাৰিয়ানাৰ দখললৈ আনিবলৈ সক্ষম হয়। খেলো ইণ্ডিয়া য়ুথ গেইমছৰ সোমবাৰৰ খেলৰ অন্তত পদকত তালিকাত হাৰিয়ানাই ১৭টা স্বৰ্ণ, ১৬টা ৰূপ আৰু ১৪টা ব্ৰঞ্জৰ পদকসহ মুঠ ৪৭টাকৈ পদক লাভ কৰি শীৰ্ষত আছে। পদকৰ তালিকাত দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰই ১৬টা স্বৰ্ণ, ২০টা ৰূপ আৰু ৩৫টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি মুঠ ৭১টা পদকেৰে দ্বিতীয় স্থানত থকাৰ পৰিবৰতে দিল্লী ১২টা স্বৰ্ণ, ৬টা ৰূপ আৰু ১৫টাকৈ ব্ৰঞ্জৰ পদকসহ মুঠ ৩২টা পদক লাভ কৰি তৃতীয় স্থান দখল কৰিছে।

পদকৰ তালিকাত তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছৰ আয়োজক ৰাজ্য অসমৰ স্থান উন্নত হৈছে। পদকৰ তালিকাত দেওবাৰৰ ১৮ নম্বৰ স্থানত থকা অসমৰ সোমবাৰৰ স্থানত ১৩ নম্বৰ। আয়োজক অসমে লাভ কৰা মুঠ ১২টাকৈ পদকৰ ভিতৰত আছে ৩টা স্বৰ্ণ, ৪টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক। দেওবাৰে অসমে তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিছিল। দেওবাৰে জুডুত ১৭ বছৰ অনুৰ্ধ্বৰ ৫৭ কেজিৰ শাখাত অসমৰ হৈ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিছিল পূজা বসুমতাৰীয়ে। পূজাৰ লগতে জুডুত ১৭ বছৰ অনুৰ্ধ্বৰ ৬৩ কেজিৰ শাখাত ৰূপৰ পদক লাভ কৰিছিল ধৰিত্ৰী সোণোৱালে। সোমবাৰে অসমৰ খেলুৱৈ সকলে ২টা স্বৰ্ণ, ২টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ পদক লাভ কৰে।