গুৱাহাটী, সংবাদ ৩৬৫, ১২ জানুৱাৰী : তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমৰ প্ৰথমটো স্বৰ্ণপদক লাভ কৰিলে পুজা বসুমতাৰীয়ে। জুডুৰ ৫৭ কেজি শাখাত স্বৰ্ণপদক লাভ কৰিলে পূজাই। অসমৰ জুডু খেলুৱৈ গৰাকীয়ে ১-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰিলে উত্তৰাখণ্ডৰ প্ৰতিযোগীক।

খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমৰ বাবে প্ৰথমটো স্বৰ্ণপদক লাভ কৰি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে পূজা বসুমতাৰীয়ে। পূজাই দেওবাৰে তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত জুডুৰ ৫৭ কেজিৰ ১৭ বছৰ অনুৰ্ধ্বৰ শাখাত উত্তৰাখণ্ডৰ প্ৰতিযোগী স্নেহা চৌহানক ১-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হয়।

ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যহত থকাৰ মাজতে শুকুৰবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হয় তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছ। প্ৰথম দিনাই তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত ৰিডমিক জিমনাষ্টিকৰ ১৭ বছৰ অনুৰ্ধ্বৰ শাখাত উপাসা তালুকদাৰে অসমৰ বাবে প্ৰথমটো ব্ৰঞ্জৰ পদক লাভ কৰিছিল।