মিৰ্জা, ২৮ অক্টোবৰঃ দক্ষিণ কামৰূপৰ যুৱক পংকজ তালুকদাৰে বিবাহৰ দিনা ঘৰলৈ অহা অতিথিৰ মাজত ৬০০ গছপুলি বিতৰণেৰে প্ৰকৃতি প্ৰেমৰ অনন্য নিৰ্দশন দাঙি ধৰিলে৷ প্ৰাপ্ত তথ্য মতে, বৰঝাৰ বিমান বন্দৰৰ সৰ্মীপবৰ্তী বঙৰাৰ মাজপাৰা গাঁৱৰ নিৱাসী পংকজ তালুকদাৰৰ বিবাহ দিপীকা নাথৰ লগত নিশ্চিত কৰা হয়৷ প্ৰকৃতিৰ প্ৰতি থকা প্ৰেম তথা মানুহৰ মাজত প্ৰকৃতিৰ প্ৰতি সজাগতা সৃষ্টিৰ কাৰণে পংকজে নিজৰ বিবাহৰ দিনটো ব্যতিক্ৰমী ধৰণে আৰু চিৰস্মৰণীয় কৰি তুলিবলৈ সিদ্ধান্ত লয়৷ এই উদ্দেশ্যে পংকজে যুগ্ম জীৱনৰ পাতনি মেলাৰ আগমূহূৰ্তত জীৱন সংগী দিপীকা নাথৰ লগত তেওঁৰ বিয়ালৈ অহা অতিথিৰ মাজত গছ পুলি বিতৰণৰ সিদ্ধান্ত লয়৷ সেই অনুহৰি বিবাহৰ দিনা পংকজে সহধাৰ্মিনীৰ লগত বিবাহলৈ অহা লোকৰ মাজত প্ৰায় ৬০০জোপা গছপুলি বিতৰণ কৰে। উল্লেখ্য যে, নিজৰ ব্যক্তিগত স্বাৰ্থত জীৱশ্ৰেষ্ঠ মানৱে চৌদিশে বন ধ্বংসযজ্ঞ অব্যাহত ৰখাৰ সময়তে পংকজৰ এই পদক্ষেপ অতিকৈ প্ৰশংসনীয়৷ পংকজৰ এই পদক্ষেপ সকলোৰে কাৰণে আদৰণীয় হওক, এনে আমাৰ আশা৷