বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৫ এপ্ৰিলঃ প্ৰকৃতিক সুৰক্ষিত কৰি ৰখাৰ সংগ্ৰামৰ এজন নীৰৱ আৰু অক্লান্ত যোদ্ধা বঙাইগাঁও জিলাৰ তুলুঙীয়াৰ নিবাসী বুদ্ধেশ্বৰ ৰায়ে গছপুলি ৰোপন কৰি নতুন বছৰৰক আদৰনি জনালে। অঞ্চলটোত বৃক্ষমানব হিচাপে পৰিচিত বুদ্ধেশ্বৰ ৰায়ে ২০০১ চনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে, গড়কাপ্তানী পথৰ দাতিত আৰু বিভিন্ন বিদ্যালয়ৰ চৌহদত প্ৰায় ২০ হাজাৰো অধিক গছপুলি ৰোপন কৰিছে। প্ৰতি বছৰে পহিলা বহাগৰ দিনটোক গছপুলি ৰোপন আৰু গছপুলি বিৱৰণ দিন হিচাপে পালন কৰা বুদ্ধেশ্বৰ ৰায়ে এইবাৰো দেওবাৰে বছৰৰ প্ৰথমটো দিনত বঙাইগাঁও জিলাৰ তুলুঙীয়াত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে গছপুলি ৰোপন কৰি নতুন বছৰৰক আদৰনি জনায়। উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৩৫ কিলোমিটাৰ এলেকাত কঠাল, আম, নিম, গামাৰী, শিলিখাকে ধৰি বিভিন্ন গছপুলি ৰোপন কৰা ৰায়ে কেবল গছপুলি ৰোপনতে দায়িত্ব শেষ নকৰি গছপুলিটো বৃক্ষলৈ পৰিনত নোহোৱা পৰ্যন্ত প্ৰতিপালন কৰে। শিক্ষক বুদ্ধেশ্বৰে আৰ্থিক অনাটনৰ মাজতো সীমিত সা সুবিধাৰে প্ৰকৃতিক সেউজীয়া কৰাৰ স্বাৰ্থত নিজা উদ্যোগত আৰম্ভ কৰা এই সংগ্ৰাম সঁচাই শলাগ লবলগীয়া।