খাৰুপেটিয়া, সংবাদ ৩৬৫, ১৪ জানুৱাৰী: দৰং জিলাৰ খাৰুপেটিয়া থানাৰ অন্তৰ্গত ফকিৰপাৰা গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক মোস্তফা কামালৰ বিৰূদ্ধে জাঙুৰ খাই উঠে গাওঁখনৰ ৰাইজ। উক্ত গাওঁখনত থকা মহিলা গোটৰ পৰা টকা ধাৰলৈ নি সেই ধন আত্মসাৎ কৰিছিল আজাদ আলী নামৰ প্ৰৱঞ্চক এজনে । প্ৰৱঞ্চক আজাদ আলীৰ বিৰূদ্ধে গাওঁসভা পাতি ধাৰে লোৱা টকা ঘুৰাই দিয়াৰ দায়িত্ব লৈছিল গাওৰক্ষী বাহিনীৰ সম্পাদক মোস্তফা কামালে। কিন্তু মহিলা গোটৰ টকা সময়মতে ঘুৰাই নোপোৱাৰ পিচত আচল ৰহস্য ওলাই পৰে। মহিলা সকলে অভিযোগ কৰা মতে আজাদ আলীৰ পৰা টকাখিনি লৈ গাওঁৰক্ষী বাহিনীৰ সম্পাদক মোস্তফা কামালে উক্ত টকাখিনি আত্মসাৎ কৰিছে। গোটৰ মহিলা সকলে এই কাণ্ড জানিব পাই সম্পাদকৰ বিৰূদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে । আনহাতে সম্পাদকজনৰ বিৰূদ্ধে বহুতো অভিযোগ উত্থাপিত হৈছে। গাওঁখনত তেওঁৰ জৰিয়তে বহুত অনৈতিক কাৰ্য কলাপৰ লগতে সাধাৰণ লোকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ কথাও উল্লেখ কৰে ভিডিপি সভাপতি শুকুৰ আলিয়ে। গাওৰক্ষী বাহিনীৰ সম্পাদকৰ পৰা বৰ্খাস্তৰ দাবীত সোমবাৰে দিনৰ ১২ বজাত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে গাঁওখনৰ শতাধিক পুৰুষ মহিলাই। মোস্তফা কামাল হায় হায়, মোস্তফা কামাল মূর্দাবাদ, মোস্তফা কামালক বাহিস্কাৰ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰে প্ৰতিবাদী মহিলাসকলে।